বীৰ সম্ভোধন ফংলু
ধীমান শীল
ব্ৰহ্মপুৱাতেই সম্ভোধন ফংলুৱে উঠি নিয়মিত শৰীৰ চৰ্চা কৰে। শৰীৰ চৰ্চাই গাটো
দিনটোৰ বাবেই সতেজ আৰু সক্ৰিয় কৰি ৰাখে। সিদিনাও শৰীৰ চৰ্চা কৰাৰ পিচত ৰাতিপুৱাৰ
কোমল ৰ’দত পাহাৰৰ ওখ শিলটোৰ ওপৰত তেওঁ ধ্যানত বহিল। কিছু
সময় ধ্যান কৰাৰ অন্তত সম্ভোধন ফংলুৱে পানী এগিলাছ পান কৰি গুহাটোত সোমাল। গুহাটোত
আছে এটা প্ৰস্তৰ শিৱৰ মূৰ্তি। সম্ভোধনে শিৱ পুজা কৰি গুহাটোৰ পৰা ওলাই আহিল। তেওঁ
সামান্য ফলাহাৰ গ্ৰহণ কৰিলে। ইতিমধ্যে ফংলুক লগ ধৰিবলৈ দুৰ দুৰণিৰ পৰা মানুহ
আহিবলৈ ধৰিছিল। সম্ভোধনে অভ্যাগতক লগ ধৰি তেওঁলোকৰ সমস্যা বিলাক মনপুতি
শুনিলে আৰু ভাগে ভাগে বিধান দি বিদায় দিলে। সম্ভোধনে বন দৰব দিয়ে। পাহাৰৰ মানুহবোৰ
পৰিশ্ৰমী বাবে বেমাৰ আজাৰ কম। আকৌ প্ৰায় সকলো বেমাৰৰ ঔষধেই আছে, প্ৰকৃতিৰ মাজত। বন, গছ, লতাৰ মাজৰ পৰা চিনি লব জানিলেই হল। সম্ভোধনে সেই
ফেৰা কষ্ট কৰি স্থানীয় ৰাইজক সেৱা কৰি আহিছে। তদুপৰি পাহাৰৰ মানুহবোৰ কিছুমান দিশত
বৰ সাহসী হলেও কিছুমান দিশত মনোবল বৰ কম। বিশেষকৈ অপদেৱতা, দেও-ভুত আদিক পাহাৰৰ মানুহে বৰ
ভয় কৰে। সম্ভোধনে এই কথাটো ভালকৈয়ে জানে। সম্ভোধনে তেওঁবিলাকক শিৱৰ ওচৰত মুৰ দোৱাব
দি ৰঙা তিলক লগাই দি দুই এটা মন্ত্ৰ মাতি সিহঁতৰ মনৰ ভুতটোক আঁতৰাই পঠায়। এইবিলাক
কাৰণত এই গোটেইবোৰ পাহাৰতে সম্ভোধন ফংলুৰ বৰ সুনাম।
সুঠাম দেহৰ অধিকাৰী সম্ভোধন ফংলুক লগ ধৰিবলৈ প্ৰৌড় ব্যক্তি এগৰাকী আহিছিল।
সম্ভোধন ফংলুৱে ব্যক্তিগৰাকীক দেখা মাত্ৰেই মূৰ দোৱাই সম্ভাষণ জনালে। ইতিমধ্যে
সম্ভোধনক দেখা কৰিব অহা মানুহ বিলাকে বিদায় মাগিছিল। অলপ আগ পিছকৈ কেইজনমান ডেকা
লৰা আহি সম্ভোধন ফংলুৰ আশ্ৰমত হাজিৰ হলত সম্ভোধনে ইংগিতেৰে ওপৰলৈ যাবলৈ দিলে।
শিলটোৰ কাষেৰে সিহঁতে ওপৰৰ ওখ অটব্য অৰণ্যৰ পিনে বগাই গ’ল। সম্ভোধনে ব্যক্তি গৰাকীক লগত লৈ তেওঁলোকৰ পিছে পিছে
অৰণ্যত সোমালগৈ। কিছুদূৰ গৈ তেওঁলোকে অলপ সমতল পালে। তাত ভালেমান ডেকা ডেকা ডিমাছা
লৰা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ ৰৈ আছিল। সম্ভোধনে প্ৰৌড় ব্যক্তিগৰাকীৰ পৰিচয়
ডাঙি ধৰি কলে যে তেওঁ হল মানসিং। তেওঁ পূৰ্বৰ ডিমাছা ৰজাৰ মন্ত্ৰী আছিল। মানসিঙে
ডেকাসকলক উদ্দেশ্য কৰি কবলৈ ধৰিলে- জাতিৰ বীৰ সকল। আমাৰ দেশ, আমাৰ জাতি আজি সংকটাপন্ন। ইতিমধ্যে কামৰুপ আৰু আহোম ৰাজ্যত
ইংৰাজ সোমাইছে। দক্ষিণে কাছাৰতো সোমাইছে। তেওঁলোকে লাহে লাহে আমাৰ এই সুন্দৰ
পাহাৰখনো দখল কৰিবলৈ লৈছে। আমি সদা-শান্তি প্ৰিয় জাতি। অনাদি অনন্ত কালৰ পৰাই আমি
এই পাহাৰ বোৰত বসবাস কৰি আহিছো। মাজে মাজে বিভিন্ন শত্ৰুৱে আহি আমাক আক্ৰমণ কৰিছে।
আমি তাক ওফৰাই দিছো। এই মাটি আমাৰ। এই পাহাৰ আমাৰ। এই ভুখণ্ড আমাৰ আই। ইয়াক আমি
আনৰ হাতত এৰি দিব পাৰিম জানো ?
সকলোৱে সমস্বৰে চিঞৰিলে- নোৱাৰো। মানসিঙে আকৌ কবলৈ ধৰিলে,- জাতিৰ ডেকা বীৰ সকল, আমি পূৰ্বতে কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ প্ৰজা আছিলো ঠিকেই, কিন্তু ৰজা গোবিন্দ চন্দ্ৰক বেচি কৰ দিব নালাগিছিল। আমাৰ
ৰজা আছিল তুলাৰামহে। নগাৰ আক্ৰমণৰ পৰা আমাক তুলাৰামেহে বচাইছিল। আমাৰ খামিডাঠ
তজবজীয়া ডেকা লৰাবোৰক লৈ তুলাৰামে নগাৰ আক্ৰমণ ওফৰাই দিছিল। নগাক সিংহাসন পাহাৰত
কচু কটা দিছিল আৰু আমাৰ এই অঞ্চলৰ পৰা নগাক খেদি খেদি নি নগাপাহাৰত থৈ আহিছিল।
ইতিমধ্যে বগাচাহাব আহি কছাৰী ৰাজ্য দখল কৰিলেই। তেওঁলোকে চল কৰি তুলাৰামক ৰজা
গোবিন্দচন্দ্ৰৰ সেনাপতি আখ্যা দি ৪৯০ টকা পেছকচ দি বগাচাহাব বোৰৰ তলতীয়া কৰে। ১৮৫০
চনত তুলাৰাম স্বৰ্গগামী হয়। তেওঁৰ বৰপুত্ৰ নকুল চন্দ্ৰ আমাৰ শাসক হয় আৰু আমাক
ৰক্ষা কৰে। ৰজা নকুল চন্দ্ৰৰ দিনতো নগাই আমাৰ এই অঞ্চল বাৰে বাৰে আক্ৰমণ কৰিছিল।
ৰজা নকুল চন্দ্ৰই আমাৰ বীৰ সেনানীবোৰক লগত লৈ নগাক বাৰে বাৰে খেদি পঠিয়ায়। কিন্তু
অন্তিম বাৰৰ যুদ্ধত আমাৰ জয় হয় যদিও নগাৰ তৰোৱালৰ আঘাতত ৰজা নকুল চন্দ্ৰৰ মৃত্যু
হয়।
বগা চাহাববোৰৰ হাতত উন্নত বন্দুক আছে।
আমাৰ কাৰোৰেই হাতত ইমান উন্নত বন্দুক নাই। এই বগা চাহাব বোৰ আহিছে বহু দূৰৰ পৰা।
কি উদ্দেশ্যে আহিছে সিহঁত ? সিহঁতে আহি ইয়াত কিবা হেনো অফিচ পাতিছে। আমাৰ পৰা কৰ লব।
আমাৰ আৰু ৰজা নাথাকিব। ৰজা নাথাকিলে আমাৰ দেৱতাও নাথাকিব। আমিও নাথাকিম। শিৱ ভক্ত
ফংলুৱে আমাক বচাব লাগিব। আজিৰ পৰা আমাৰ
নেতা সম্ভোধন ফংলু। নে কি কোৱা ডেকা সকল ? সকলোৱে সমস্বৰে হয় হয় বুলিলে। লগে লগে মানসিঙৰ সৈতে সকলোৱে
জয়ধ্বনি দিবলৈ ধৰিলে- জয় সম্ভোধন ফংলুৰ জয়। জয় সম্ভোধন ফংলুৰ জয়। জয় সম্ভোধন ফংলুৰ
জয়। ?
উপস্থিত সকলো ডেকা সেনানী আৰু ৰাইজে সম্ভোধন ফংলুৰ নামত জয়ধ্বনি দি ৰণচণ্ডি
মন্দিৰৰ পৰা অনা সেন্দুৰৰ তিলক ফংলুক পিন্ধাই দিলে। দুই এদিনতে কথাষাৰ পাহাৰৰ
ৰাইজৰ মাজত ৰজনজনাই গল। ফংলুৱে ৰণচণ্ডি মন্দিৰৰ কাষত প্ৰশিক্ষণ শিবিৰ স্থাপন
কৰিলে। শ শ যুৱকে আহি সম্ভোধন ফংলুৰ ৰণচণ্ডি মন্দিৰৰ শিবিৰত যোগ দিলেহি। প্ৰায় সকোলৱেই
ফংলুলৈ স্বইচ্ছাই ৰচদ পাতি আৰু খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আৰম্ভ কৰিলে। ফংলুৱে
নিজেই আৰু উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা যুৱক সকলক প্ৰশিক্ষণ দিবলৈ ধৰিলে। ডিমাচাৰ
পুৰণি ৰাজধানী মাইবঙত তেওঁ শাসন কাৰ্য চলাবলৈ ধৰিলে। মলংথঙক তেওঁৰ সেনাপতি পাতি
এটা শক্তিশালী সৈন্যবাহিনী গঠন কৰাৰ কামত নিয়োগ কৰিলে।
চোৰাংচোৱাগিৰিত পাৰ্গত চতুৰ ইংৰাজে আঁৰৰ খবৰ ডাৰে ডাৰে লাভ কৰি আছিল। ইংৰাজে
সম্ভোধন ফংলুক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে। গ্ৰেপ্তাৰ কৰিবলৈ আহি সম্ভোধন ফংলুৰ
সৈন্যশক্তি দেখি বৃটিছ চিপাহী বাহিনী স্তম্ভিত হল। কেইজনমান ডিমাচা সৈন্যই বৃটিছ
বাহিনীটোক আগভেটি ধৰিলে। দলটোৰ মুৰব্বী এচডিও চপিটে ফংলুক লগ কৰিব বিচাৰিলে। দলটোৰ
মূৰব্বী মলংথঙে এচ. ডি.ও. চপিট চাহাব আৰু পাঁচজন সৈন্যক ৰাজসভাৰ ভিতৰলৈ যাবলৈ
অনুমতি দিলে। এচডিও চপিট চাহাবে মূৰব্বী উপদেষ্টা মানসিঙক লগ কৰিলে।
বৃটিছে ফংলুক গ্ৰেপ্তাৰ কৰিবলৈ সাহ
কৰিব নোৱাৰিলে। সম্ভোধনে ইংৰাজক উদ্দেশ্য কৰি প্ৰদান কৰা এখন পত্ৰহে লৈ যাব লগা হল।
পত্ৰৰ যোগে ফংলুৱে কলে যে, “যদি তোমালোকে
খাবলৈ আহাৰ বিচৰা, পৃথিৱীৰ পৰা
বিচৰা। যদি পানী লাগে, পৃথিবীৰ পৰা
বিচৰা। কিন্তু তোমালোক, মই গুণজাং
পোৱাৰ আগতেই আমাৰ ৰাজ্যৰ পৰা আঁতৰি যোৱা। কোনো সৈন্যই সম্ভোধনক বাধা দিব নোৱাৰিব
আৰু অবিধি, অবৈধ প্ৰভূত্ব জ্ঞাপকৰ ওচৰত এই সম্ভোধনে কেতিয়াও
দেখা নিদিব আৰু মাইবঙলৈ যিকোনো সৈন্যদল পঠিয়ালে তাক সম্পূৰ্ণ ৰূপে প্ৰতিহত কৰা হব।“ এই পত্ৰখন এচ.ডি.ও. (SDO C.A. Sopitt.) চপিট চাহাবে লৈ গৈ শিলচৰৰ উপায়ুক্তৰ লগত আলোচনা কৰিলে ।
তেওঁ এটি সৰু সীমান্ত বাহিনীৰ সৈন্যদল লগত লৈ সম্ভোধনক ধৰিবলৈ আহিল।
সম্ভোধন ফংলুৱে এই কথাটো পূৰ্ৱতেই সঠিক
ভাবেই অনুমান কৰিছিল যে বৃটিছে পুৰ্ণ প্ৰস্তুতিৰে আহি সম্ভোধনক আক্ৰমণ কৰিব। তেওঁ
পৰিকল্পনা কৰি পাহাৰে পাহাৰে মানুহ থলে যাতে বৃটিছ অহাৰ খবৰ আগতিয়াকৈ পোৱা যায়।
ভবামতেই কেইদিনমানৰ পিছতেই বৃটিছ সৈন্য পাহাৰলৈ উঠাৰ বাতৰি আহিল। তলৰ পৰা ইজনে
সিজনলৈ বিপদৰ সংকেত পঠাবলৈ ধৰিলে। তিনিদিন ধৰি বৃটিছ সৈন্য ভালেকেইখন পাহাৰ বগাই
আহি সন্ধিয়া মাইবঙৰ নামনিত ৰলহি। ফংলুৱে পূৰ্ৱ পৰিকল্পনামতে নিজ সৈন্যবাহিনীটোক
লুকাই ৰাখি চাউনিটো খালি কৰি থলে। ৰাতিপুৱা ইংৰাজ সৈন্যই গৰিলা পদ্ধতিৰে বগাই আক্ৰমণ
কৰিবলৈ আহি দেখে চাউনি সম্পূৰ্ণৰূপে পৰিতক্ত। ইংৰাজ সৈন্যই ফংলুক বিচাৰি ঘুৰি
থাকোতে অকস্মাতে বৃটিছ চিপাহী সম্ভোধনৰ সৈন্যবাহিনীৰ ফান্দত সোমাই পৰিল। বৃটিছ
বাহিনীয়ে আক্ৰমণ কৰিব বিচৰাত মেজৰ বয়ডে প্ৰথমতে নিজ সন্যবাহিনীক বাধা দি ফংলুৰ
মুখা মুখি হল। মেজৰ বয়ডে ফংলুক চাৰেণ্ডাৰ কৰিবলৈ আহ্বান জনালে। ফংলুৱে মেজৰ বয়ডক ত’তকালে পাহাৰ ত্যাগ কৰিবলৈ আদেশ দিলে। কথাৰ কটাকটিৰ পিচত এখন
সৰু অথচ তয়াময়া যুদ্ধ হল। এই যুদ্ধত সম্ভোধনে মেজৰ বয়ডৰ সোঁহাত খন কাটি পেলালে। এই
যুদ্ধত এচ. ডি. অ চিপট সহ মাত্ৰ তিনিজন বৃটিছ সৈন্য কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাই
যাব পৰিছিল। এই যুদ্ধৰ পিচতে সম্ভোধনক ডিমাচা সকলে বীৰ উপাধিৰে বিভুষিত কৰে। ইয়াৰ
পিচতে সম্ভোধন ফংলুৱে গুণজাং আক্ৰমণ কৰে আৰু গুণজাংৰ মহকুমাধিপতিৰ কাৰ্যালয়টো
জ্বলাই দিয়ে। উপায়বিহীন হৈ বৃটিছে গুণজাংৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়টো হাফলঙলৈ
স্থানান্তৰ কৰে। সম্ভোধনে অতি কম সময়ৰ ভিতৰতে সেই অঞ্চল বোৰ আক্ৰমণ কৰি বৃটিছৰ
অধিপত্য নোহোৱা কৰে।
ইয়াৰ পিচত ফংলুৱে কাছাৰী ৰাজ্যৰ সমতল ভূমি বেদখল মুক্ত কৰিবলৈ মন মেলে। তেওঁ
ডিমাচা কাছাৰী ৰাজ্যৰ শেষ ৰজাৰ সেনাধক্ষ্য উজীৰ ডেব্ৰজোদিৰ লগত যোগসূত্ৰ স্থাপন
কৰে। তেওঁ ভালদৰে বুজি পাইছিল যে জাতি প্ৰেমৰ লগতে সামৰিক শক্তি মজবুত হলেহে
ৰাজ্যৰ স্বাধীনতা ৰক্ষা কৰা সম্ভৱ। সম্ভোধনে বিপুল পৰিমাণে অস্ত্ৰ শস্ত্ৰ যোগাৰ
কৰিবলৈ আৰম্ভ কৰে।
অন্যহাতে বৃটিছে সম্ভোধন
ফংলুক ধৰিবলৈ চতুৰ নীতি গ্ৰহণ কৰে। বৃটিছে এগৰাকী স্বগোত্ৰীয় মহিলাক চোৰাংচোৱা
হিচাপে নিয়োগ কৰে। চতুৰ তিৰোতা গৰাকীয়ে সম্ভোধনৰ পৰিবাৰৰ লগত বন্ধুত্ব স্থাপন কৰি
সখী পাতি লয়। তিৰোতা গৰাকীয়ে বিভিন্ন উপহাৰ আদি দি সম্ভোধনৰ পৰিবাৰৰ মন জয় কৰে।
এনেদৰে তিৰোতা গৰাকী সম্ভোধনৰ অন্দৰ মহলত অহা যোৱা আৰম্ভ কৰে আৰু অন্দৰ মহলত তলা
নলা বৃটিছক অৰ্পন কৰে। এদিন চেগ বুজি চোৰাংচোৱা তিৰোতা গৰাকী আহি সম্ভোধন ফংলুৰ
ঘৰত নিশা কটাবলৈ মনস্থ কৰে। সেইদিনা পূৰ্বপৰিকল্পিত মতে বৃটিছ ভেৰনীয়া সৈন্য এদল জংঘলত
লুকাই থাকে। ৰাতি তিৰোতা গৰাকীয়ে সন্দৰ্পণে সম্ভোধনৰ ঘৰৰ সকলো অস্ত্ৰ-শস্ত্ৰ বাহিৰ
কৰি দি বৃটিছ ভেৰনীয়া সৈন্য দলটিক ইংগিতেৰে খবৰ দিয়ে। লগে লগে বাহিৰত খাপ পিটি থকা
বৃটিছ ভেৰনীয়া সৈন্যই সম্ভোধনৰ ঘৰত আক্ৰমণ চলায়। সম্ভোধনে ঘৰত অস্ত্ৰ বিচাৰি নাপাই
তৎমূহুৰ্ততে সকলো কথা বুজি পায় আৰু এক
মূহুৰ্ত সময়ো অপব্যয় নকৰি জংঘললৈ ঢাপলি মেলে। পিচে পলাবলৈ লওঁতেই এজন চিপাহীয়ে
ফংলুৰ সোঁভৰিত অস্ত্ৰৰে আঘাত কৰে। তথাপিও সম্ভোধন ফংলুৱে পলাবলৈ সক্ষম হয়। অস্ত্ৰৰ আঘাতত তেওঁৰ
সোঁভৰিখনৰ যথেষ্ট পৰিমানে ৰক্তক্ষৰণ হয়। সম্ভোধনে ইখনৰ পিচত সিখন পাহাৰত লুকাই
লুকাই প্ৰাণ ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলায়। এই আত্মগোপনৰ সময়ছোৱাত সমগ্ৰ স্থানীয়
জনসাধাৰণে অশেষ ত্যাগ স্বীকাৰ কৰিব লগাত পৰে। বৃটিছ সৈন্যই চোৰাংচোৱাৰ সহোযোগত
সম্ভোধন ফংলুক বিচাৰি তীব্ৰ অভিযান চলায়। ঘূণীয়া শৰীৰ স্বত্তেও সম্বোধনক তেওঁৰ
সহযোগীয়ে পাহাৰৰ কন্দৰে কন্দৰে আৰু অটব্য অৰণ্যত লুকুৱাই ৰাখে। জিৰণিৰ অভাবত ভৰিৰ
ঘাডোখৰ ক্ৰমাৎ ডাঙৰ হৈ আহিবলৈ ধৰে। লগতে তেওঁৰ জ্বৰ আৰম্ভ হয় আৰু এই জ্বৰ
ক্ৰমাৎ বেচি হবলৈ ধৰে। তাৰ ফলত তেওঁ চং সলাব নোৱাৰা হৈ পৰে। এনে অৱস্থাত ভুৱন পাহাৰৰ ঘন জংঘলৰ মাজত বৃটিছ চিপাহীয়ে সম্ভোধন ফংলুক
বিচাৰি উলিয়ায়। তেতিয়া অবশ্যে তেওঁৰ শাৰিৰীক অৱস্থা অতি মূমুৰ্ষ আছিল। ১৮৮৩ চনৰ ১২
ফেব্ৰুৱাৰী তাৰিখে স্বদেশ আৰু স্বজাতিক আপ্ৰাণ ভালপোৱা বীৰ সম্ভোধন ফংলুৱে
স্বাধীনতাৰ স্বপ্ন বুকুত বান্ধি ইহলীলা সম্বৰণ কৰে।
তথ্যসূত্ৰঃ-১. বৰুৱা, ললিতঃ প্ৰাগজ্যোতিষ অসমীয়া সপ্তাহিক, স্বাধীনতা দিৱস বিশেষ সংখা, ২০১৯
২. চলিহা, সদানন্দঃ ভাৰত বুৰঞ্জী, গুৱাহাটী বিশ্ববিদ্যায়।