অৰ্থঃ যাৰ হাতৰ তলুৱা পদুম ফুলৰ দৰে, যাৰ চকু পদুম ফুলৰ পাহিৰ দৰে, যিজনে
সংসাৰৰ দুখ কস্ট নাশ কৰে, গভীৰ বনত যিজনে চৰন যুগল মাটিত পৰোঁ নপৰোঁকৈ দি গমন কৰে,
যিজনে ভয়াতুৰক অভয় দান কৰে, যিজনে ক্ষীপ্ৰগতিত শৰ বৰিষন কৰি দশানন ৰাৱনক বধ কৰে,
যিজন গোৱৰ্ধনধাৰী, গৰুৰ পক্ষী আৰোহণকাৰী, যিজনে সাপৰ ফণাৰ তলত শয়ন কৰে, যিজনে
সংসাৰৰ ভয়-ভাৱনা দূৰ কৰে, সেই পদুম ফুলৰ পাহিৰ দৰে নয়নৰ অধিকাৰীজনৰ চৰন তলত যাতে
লয় হ'
ব পাৰোঁ--।
শংকৰদেৱৰ সৃষ্টিৰাজিঃ-
১) কীৰ্তন-ঘোষা
২) গুনমালা
৩) প্ৰথম স্কন্ধ ভাগৱত
৪) ২য় স্কন্ধ ভাগৱত
৫) তৃতীয় স্কন্ধ ভাগৱত (অনাদি পাতন)
৬) ষষ্ঠ স্কন্ধ ভাগৱত (অজামিল উপাখ্যান)
৭) অষ্টম স্কন্ধ ভাগৱত (অমৃত মন্থন আৰু বলি ছলন)
৮) দশম স্কন্ধ ভাগৱত (আদিছোৱা)
৯) একাদশ স্কন্ধ ভাগৱত
১০) দ্বাদশ স্কন্ধ ভাগৱত
১১) পত্নী প্ৰসাদ (অংকীয়া নাট)
১২) ৰুকিনী হৰণ (অংকীয়া নাট)
১৩)কালিয় দমন (অংকীয়া নাট)
১৪) কেলী গোপাল (অংকীয়া নাট)
১৫) পাৰিজাত হৰণ (অংকীয়া নাট)
১৬) শ্ৰীৰাম বিজয় (অংকীয়া নাট)
১৭) নিমি -নৱসিদ্ধ সংবাদ (ভক্তি-তত্ত্ব-কাব্য)
১৮) ভক্তি প্ৰদীপ (ভক্তি-তত্ত্ব-কাব্য)
১৯) হৰিশ্চন্দ্ৰ উপাখ্যান (ভক্তি-তত্ত্ব-কাব্য)
২০) ৰুক্মিনী হৰণ (ভক্তি-তত্ত্ব-কাব্য)
২১) কুৰুক্ষেত্ৰ (ভক্তি-তত্ত্ব-কাব্য)
২২) ৰামায়ণ (উত্তৰা খণ্দ)
২৩) বতগীত (পঁয়ত্ৰিছটা)
২৪) ৰাজভটিমা (দুটি)
২৫) টোটক স্ত্তটি সহ তিনিটি
দেৱ ভটিমা (সংকৃত ভাষাত)
২৬) ভক্তি ৰত্নাকৰ (সংকৃত
ভাষাত)
অনাদি কালৰ পৰাই হিন্দু ধম্মৰ সাৰ বস্তু আছিলঃ এক তত্ব। শংকৰদেৱও এই
তত্ব আত্মস্হ কৰিছিল আৰু বাখ্য কৰিছিল-- এক দেৱ এক সেৱ, এক বিনে নাহি কেৱ। সেয়েহে
শংকৰদেৱৰ ধৰ্ম্মক এক সৰণ নাম ধৰ্ম্ম বোলা হয়।
ভাগৱত পুৰাণত ভক্তিক নটা ভাগত ভাগ কৰা হইছে।
সেই কেইটা হলঃ
১) শ্ৰৱণঃ- অৰ্থত ভক্তৰ মুখত ভগবন্তৰ বন্দনা
২)কীৰ্তনঃ- ভগবন্তৰ প্ৰাৰ্থনা
৩) স্মৰণঃ- ভগবন্তৰ আকাৰ আৰু নাম মনত পেলৱা
৪)পদ-সেৱনঃ- ভক্তসকলে ভগবন্তৰ চৰণত সেৱা কৰা
৫)অৰ্চনাঃ- আনুস্ঠানিক অথবা আনানুস্থানিক উপাসনা
৬)বন্দনাঃ- ভগবন্তক সস্থাঙ্গে প্ৰণাম কৰা
৭)দাস্যঃ- মনে প্ৰাণে ভগবন্তৰ দাস ভাৱে ভগবন্তক সমৰ্পণ কৰা
৮)সাখ্যঃ- সখী আথবা বন্ধু হিচাপে
৯)আত্ম নিবেদনঃ- অৰ্থাত আত্ম সম্পূৰ্ণ ৰুপে ভগবন্তৰ ওচৰত সৰ্ম্পণ।
বৰগীত
অসমীয়া
সাহিত্যৰ অমূল্য সম্পদ বৰগীত
সমূহ গুৰুদুজনাৰ অনুপম সৃষ্টি॥
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে
প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোতে
বদৰিকাশ্ৰম পাওঁতে ভক্তি
ভাৱত নিমগ্ন হৈ ৰচনা কৰিছিল-
মন
মোৰ চৰনে লাগু বৰগীতটি॥ এই
বৰগীতটি ৰচনা কাল সম্বৱত ১৪৯০
খৃষ্টাব্দ॥ এইটোৱে প্ৰথম
বৰগীত॥ শঙ্কৰদেৱে বৰগীতত
মূলত পৰমাৰ্থিক তত্ব আৰু
সংসাৰৰ প্ৰতি বিৰাগ ভাৱধাৰাৰ॥
অন্যহাতে মাধৱৰ বৰগীতত কৃষ্ণৰ
চল চাতুৰী,
খেলন-নৃত্য,
কেলি
কৰাৰ বিষয় সৰহ॥ ব্ৰজাৱলী ভাষাত
বিৰচিত এই বৰগীত সমূহক ছটা
বিষয়ৰ বুলিব পাৰিঃ-
১.
ভগৱান
বা কৃষ্ণৰ লীলা খেলা
২.
যোশোদা
আৰু গোপ গোপীৰ কৃষ্ণৰ বিদায়ৰ
বিৰহ
৩.
পৰমাৰ্থ
৪.
সংসাৰৰ
প্ৰতি বিৰাগ
৫.
কৃষ্ণৰ
চৌৰ্য ক্ৰিয়া
৬.
কৃষ্ণৰ
চাতুৰী
শাস্ত্ৰীয় ৰাগ, প্ৰকাশৰ
সংযম,
আধ্যাত্মিকতা
তথা ভক্তি ভাৱধাৰাৰ সাৱলীল
প্ৰয়োগ আৰু ভাৱৰ মাধুৰ্য্য
বৰগীতৰ অন্যত্বম বৈশিষ্ট॥
শংকৰদেৱৰ
বৰগীত সমুহ গাবৰ বাবে কমলা
গায়ন নামৰ এজন ভকতে লৈ যায়॥
দৈৱবিপাকত ৰাত্ৰি ভকত গায়নৰ
গৃহ অগ্নিত জাহ যায়॥ তাতেই
এই বৰগীত সমূহো ভস্মীভূত হয়॥
মনৰ দুখত মহাপুৰুষ গৰাকীয়ে
আৰু বৰগীত ৰচনা নকৰাৰ সঙ্কল্প
লৈ মাধৱ বান্ধৱক বৰগীত ৰচনা
কৰিবলৈ দায়িত্ব দিয়ে ॥ সেয়েহে
শঙ্কৰদেৱৰ বৰগীতৰ সংখ্যা কম॥
এই বৰগীত
সমূহক পণ্ডিত ড.
বাণীকান্ত
কাকতি দেৱে Noble
Numbers আৰু
কালিৰাম মেধীয়ে Song
of Celestial বুলি
আখ্যা দিছে॥
শুন শুনৰে সুৰ
ৰাগ॥ আশৱাৰী তাল॥ পৰিতাল
শুন
শুনৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ
নাশ নিদানা
ৰাম
নামা যম সমৰক
সাজিয়ে
সমদলে
কয়লি পয়ানা
পদ
ঠাট
প্ৰকট পটু কৌটি
কৌটি কপি
গিৰি
গড় গড় পদঘাৱে
বাৰিধি
তীৰ তৰি কৰে
গুৰুতৰ গিৰি
ধৰি
ধৰি সমৰক ধাৱে ॥
হাট
ঘাট বহু বাট
বিয়াপি
চৌগড়ে
বেৰলি লঙ্কা
গুৰু
ঘন ঘন ঘোষ ঘৰিষণ
গৰ্জ্জন
শ্ৰৱনে
জনময় শঙ্কা ॥
ধীৰ
বীৰ শূৰ শেষৰ
ৰাঘৱ
ৰাৱাণ
তুৱা পৰি ঝম্পে
সুৰ
নৰ কিন্নৰ ফণধৰ
তৰ তৰ
মহীধৰ
তৰসি প্ৰকাম্পে ॥
অন্ধ
মুগুধ দশকন্দ
পাপবুধ
জানকী
শিৰত চড়াই
ৰঘুপতি
পদবৰ ধৰ
ৰজনীচৰ
শঙ্কৰ
কহতু উপায়ী॥