Friday, September 26, 2014

Book Rally












অসমৰ কথা

কানাই বৰশী বোৱা শিলালিপি

অসমীয়া ভাষাৰ পূৰ্ণাঙ্গ বিকশিত প্ৰথমখন শিলালিপি হিচাপে বহুত ভাষাবিদে গণ্য কৰে উত্তৰ গুৱাহাটীস্থ কানাই বৰশী বোৱা শিলালিপিক । ১২০৬ চনত খোদিত বা লিপিবদ্ধ কৰা এই শিলালিপিখনক বিজয়ৰ শিলালিপি বুলিও অভিহিত কৰে। এই শিলালিপিখনৰ কথাখিনি হল-

শাক ১১২৭, শাক তুৰগযুগ্মেশ মধুমাস ত্ৰয়োদশে।

কামৰূপং সমাগত্য তুৰুস্কাঃ ক্ষয়মাযয়ু। তুৰ্কী চুলতান।

অৰ্থাত ১১২৭ শকাব্দত মহাপ্ৰতাপী আফগান তুৰ্কী চুলতান মহম্মদ বকতিয়াৰ খিলিজি পৰাভূত হৈছিল কামৰূপ ৰাজ্যত।

সেই সময়ত  মহাপ্ৰতাপী আফগান তুৰ্কী চুলতান মহম্মদ বকতিয়াৰ খিলিজি কামৰূপৰ মাজেৰে চীন দেশ আক্ৰমণ কৰাৰ পৰিকল্পনা  আহি কামৰূপ পাইছিল আৰু তাতে কামৰূপৰ ৰজা পৃথুৱে আক্ৰমণ  কৰি তেওঁৰ সৈন্যবাহিনী সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল।