Bhimbar Deori Assamese Politician

জননেতা ভীমবৰ দেউৰী

 

ভীমবৰ দেউৰী একালৰ শক্তিশালী তথা তৰুণ অসমীয়া নেতাসকলৰ অন্যত্বম আছিল ভীমবৰ দেউৰী॥ যিসকল জনজাতীয় অসমীয়া নেতা আছিল, সেইসকলৰ অন্যত্বম ভাস্কৰ নেতা আছিল ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, যাদৱ চন্দ্ৰ খাখলাৰী, খৰচিং তেৰাং আদি ॥ স্বাধীনতাৰ প্ৰাগ ক্ষণত অসমখনক আৰু অসমীয়া জাতিটোক ৰক্ষা কৰিবলৈ এই নেতা সকলে যৎপৰোনাস্তি চেষ্টা চলাইছিল ॥ ভীমবৰ দেউৰীয়ে কৈছিল, – অসম দেশ বৃটিচ সকল অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল আৰু আগৰে পৰা স্বাধীন দেশ আছিল ॥ এতিয়া পূৰ্ৱবংগৰ জমিদাৰী প্ৰথাৰ দ্বাৰা নিস্পেষিত কৃষক সকলোকে মাটি দিয়াৰ অজুহাতত অসম পাকিস্থান হব নোৱাৰে॥ মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে ১৭ বাৰ আক্ৰমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে॥ অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়॥ অসমখন ট্ৰাইবেলৰহে ॥ গতিকে অসম কাৰ লগত থাকিব তাৰ সিদ্ধান্ত লব অসমবাসীয়ে॥ ১৯৩৮ চনত কামৰুপ জিলা ট্ৰাইবেল সংঘৰ প্ৰথম অধিবেশনৰ উদাত্ত ভাষনত কৈছিল, - আমি আমাৰ দুখ-দুৰবস্থাৰ কথা কওঁতে আৰু আমাৰ দাবী বিলাক ডাঙি ধৰোতে এইটো কথা পাহৰি যাব নালাগিব যে আমি অসমীয়া জাতিৰ অংশ॥ সমূহ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থা ভাল হলে আমাৰ অৱস্থাও ভাল হবলৈ বাধ্য॥ আমাৰ উদ্দেশ্য হব লাগিব আমাৰ অসমীয়া জাতীয়তাৰ বলীয়ান কৰি তোলা॥ (সৌৰভ কুমাৰ দেউৰীঃ অসমীয়া প্ৰতিদিন, বুধবাৰ, ৩০ নৱেম্বৰ, ২০২২ পৃ.৪.) ১৯৮৬ চনত গোপিনাথ বৰদলৈ মন্ত্ৰীসভাত বন আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল॥ এই জনা অসমপ্ৰেমীৰ মাত্ৰ ৪৪ বছৰ বয়সত ১৯৪৭ চনৰ ৩০ নৱেম্বৰত মৃত্যু হৈছিল

                 ভীমবৰ দেউৰী সম্পৰ্কত লোকপ্ৰিয় গোপিনাথ বৰদলৈয়ে কৈছিল- মোৰ বোধেৰে ভীমবৰ দেউৰী আচলতে অসমৰ এজন জননেতা আছিল। জীৱিত অৱস্থাত তেওঁৰ বহুত সহকৰ্মী আৰু অনুসৰণকাৰী সকলে ঠিক তেনেকৈ আন দলৰ তেওঁৰ প্ৰতিদ্বন্দী বহুলোকে তেওঁক পূৰ্ণমাত্ৰাই সাম্প্ৰদায়ীক বা চেকচনেল নেতা বুলি প্ৰতিপন্ন কৰিছিল বা এতিয়াও কৰি আছে। কিন্তু দেউৰীক মই যিদৰে জানিছিলো তাৰ পৰা মই ইয়াকে কব পাৰো যে তেওঁ ট্ৰাইবেলসকলৰ নেতৃত্ব কৰিলেও তেওঁ এজন সমগ্ৰ অসমৰ নেতা আছিল। বহুতেই কব পাৰে যে যেতিয়া অন্ধই অন্ধক বাট দেখুৱাবলৈ যায় দুয়োজনে খালত পৰে। ইয়াৰ উত্তৰত মই ইয়াকে কওঁ যে ভীমবৰৰ নেতৃত্বত এধানমনো অন্ধৰ ভাৱ নাছিল। বৰং যেতিয়াই তেওঁৰ কোনো অনুচৰ সকলে, তেওঁক অন্ধৰ বাটলৈ নিবলৈ চেষ্টা কৰিছিল, তেতিয়াই তেওঁ সুস্পষ্টভাৱে তাৰ বিপক্ষে থিয় হৈছিল আৰু সদায় পোন আৰু সজ বাটলৈ আঙুলিয়াই দেখুৱাইছিল। এই মহাগুণৰ অনুভূতিৰ কাৰণেই মোৰ লগত তেওঁৰ নানা কথাৰ মতভেদ হোৱা সত্বেও তেওঁৰ লগত  দহ-এঘাৰ বছৰৰ বন্ধুত্বত এদিনৰ বাবেও হ্ৰাস হোৱা নাছিল। .......... আমি উভয়ে এটা সত্য অনুভৱ কৰিছিলো যে আমাৰ জাতিয়তাবোধ বিবিধ লোকৰ উমৈহতীয়া শক্তি প্ৰকাশ আৰু বিবিধ সকলে উন্নতিৰ পথত আগবাঢ়িলেহে দেশৰ প্ৰকৃত সম্পদ উপাৰ্জন কৰিব পৰা যাব      

১৯৪৬ চনত অসমক বাংলাদেশৰ লগত চামিল কৰিব খোজাত ভাৰতক দ্বিখণ্ডিত কৰাৰ মূল নেতা মহম্মদ আলি জিন্না আৰু অসমৰ চাদুল্লাৰ ষড়যন্ত্ৰ আছিল। বৃটিছে অসম খনক ‘C’ কেটেগৰীত ৰাখিছিল, যাৰ অৰ্থ হল পাকিস্থানৰ লগত চামিল কৰা। বৰদলৈৰ লগত যি সকল নেতাই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল তাৰ অন্যত্বম আছিল ভীমবৰ দেউৰী। অসমক বংগৰ লগত চামিল কৰি পাকিস্থানৰ অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে দিল্লীত গৈ জৱহাৰলাল নেহৰু আৰু মহম্মদ আলি জিন্নক লগ ধৰি সাৱধান বাণী শুনাইছিল আৰু অসমখনক পাকিস্থানৰ অন্তৰ্ভুক্তিৰ তীব্ৰ বিৰোধীতা কৰিছিল। ট্ৰাইবেল সংঘৰ এই দলটিত বিভিন্ন পৰ্বতীয়া জনজাতীয় নেতাৰ লগত ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম, কৰ্ক দলে, খৰসিং টেৰং, যাদৱ চন্দ্ৰ খাখলাৰী আদি ভৈয়ামৰ জনজাতীয় নেতাসকল আছিল।  

বৃটিছ ভাৰতত থাকোতেই ভীমবৰ দেউৰীয়ে অসমলৈ মৈমনসিঙিয়াক আমদানি কৰাৰ তিব্ৰ বিৰোধিতা কৰিছিল আৰু ভবিষ্যতে ই অসমৰ বিপদ আনিব বুলি তেতিয়াই আৱাজ তুলিছিল। তেওঁ মৈমনসিঙিয়াৰ প্ৰৱজনৰ পৰা  জনজাতিক ৰক্ষা কৰাৰ বাবে লাইন প্ৰথা প্ৰয়োগ কৰিবলৈ দাবী কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো জাতি উপজাতিকে একতাৰ দলেৰে বান্ধি অসমীয়া জাতি গঠনৰ ঘাই শিপাদাল ৰোপন কৰিছিল। অসমখন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠিৰো ভৰপূৰ এখন সুন্দৰ ৰাজ্য। এই ক্ষুদ্ৰাতি ক্ষুদ্ৰ জনগোষ্টিৰ উন্নয়নৰ কাৰণে কোনো বিষেশ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। অথচ ভীমবৰ দেউৰীয়ে কৈছিল অসমীয়াৰ উন্নতি হলে এই জাতি উপজাতিৰ উন্নতি হবলৈ বাধ্য। কিছুবছৰ আগত উচ্চ বৰ্ণই নিম্ন বৰ্ণক হেও চকুৰে চোৱা, অসমীয়া নহয় বুলি কোৱাৰ উদাহৰণ তেওঁলোকৰ লিখনীবোৰত আছে। সেই বিলাক আজি আৰু খোচৰিব খোজা নাই। মাত্ৰ সকলোকে আগুৱাই নিয়াৰ সুপৰিকল্পনা আগতেওঁ হোৱা নাছিল আৰু আজি তাক বলিষ্ঠ ভাৱে, সুপৰিকল্পিত ভাৱে সম্পন্ন কৰাৰ শেষ সময় নিশ্চয় সমাগত। এইক্ষেত্ৰত আমি ভীমবৰ দেউৰীক আদৰ্শ হিচাপে লব পাৰো। ৰহাত অনুষ্ঠিত হোৱা অসম পিচপৰা জনগোষ্ঠি সমূহৰ সন্মিলনত Assam Bacward Plans Tribal League গঠন কৰা হৈছিল আৰু তাত সম্পাদকৰ গুৰু দ্বাইত্ব আৰ্পণ কৰা হৈছিল ভীমবৰ দেউৰীক। তেওঁ একেৰাহে তেৰ বছৰ এই পদত কাৰ্যনিবাহ কৰিছিল।

ৰত্নেশ্বৰ বসুমতাৰীয়ে অসমীয়া প্ৰতিদিন কাকতৰ ৩০ নৱেম্বৰ সংখ্যাত জননেতা ভীমবৰ দেউৰীৰ প্ৰতি অবিচাৰঃ অসমৰ নেতৃবৃন্দই বিচাৰ কৰক শিৰ্ষক এক প্ৰৱন্ধত কৈছে যে কিছুমান উচ্চ-বৰ্ণবাদী, মধ্যবিত্ত শ্ৰেণীক প্ৰতিনিধিত্ব কৰা লিখক, সাংবাদিকে এই হেন জাতিপ্ৰেমী ভীমবৰ দেউৰীক অসমীয়া জাতিদ্ৰোহী, দেশদ্ৰোহী, পাকিস্থানৰ সমৰ্থক সজাবলৈ উঠি পৰি লাগিছিল। অথচ এইজন অসমৰ প্ৰকৃত বন্ধুক বহুতেই চিনিপোৱাত ইচ্ছাকৃত ভাৱে ব্যৰ্থ হৈছিল।

         কিন্তু চন্দ্ৰমোহন ব্ৰহ্মই এই বিষয়ে লিখিছে— “When the Cabinet Mission was discussing the reorganization of the status of India, the Composite Assam state was proposed to be in group C along with West Bengal. Assam would have become part of Pakistan which was to be created for Muslims. At this juncture Late Deori organize a united of the leaders of the composite Assam named as “Tribes and Races Federation of Assam” and roared like a lion saying Assam was never a part of India before Britishers came to India. As such, after the Britishers leave India, Assam both plains and hills will secede and from and independent state rather than joining Pakistan. In the subsequent history of Indian independence, this aspect was totally ignored and credit was given only to late Gopinath Bordoloi for extricating the composite Assam state from group ‘C’  and Pakistan with the help of Mahatma Gandhi”.

        

 

         ভীমবৰ দেউৰীক উচ্চ বৰ্ণৰ কিছু লোকে বেয়া পোৱাৰ অন্য এটা কাৰণ থাকিব পাৰে। তেওঁ বৰ অসমৰ বিপদৰ আগজাননী দি সদৌ অসম মটক সন্মিলনত কৈছিল,- লাইন প্ৰথা আৰু আমাৰ খালি মাটি নিয়মানুৱৰ্তিতা মতে ভগাই দিয়াৰ সম্বন্ধে কংগ্ৰেজ যুক্ত মণ্ডলীৰ ১৯৩৯ চনৰ ৪ নৱেম্বৰত এটা প্ৰস্তাৱ আছে আৰু বৰ্তমান যুক্ত দলৰ মন্ত্ৰীসভাৰো সেই সম্পৰ্কে এটা প্ৰস্তাৱ আছে। এই দুয়োটা প্ৰস্তাৱতেই ১৯৩৭ চনৰ আগত অহা বিদেশী পমুৱা সকলক মাটি দিয়াৰ কথা আছে। দুয়োটা প্ৰস্তাৱতেই ট্ৰাইবেল জাতীয় আৰু তেওঁলোকৰ দৰে পিচ পৰি থকা সকলোৰ বাবে লাইন প্ৰথা বাহাল ৰখা হৈছে। হিন্দু মহাসভাৰ পক্ষৰ পৰা ভাৰতৰ আন আন প্ৰদেশত এনে প্ৰচাৰ কৰি হিন্দু মানুহ আনি অসমৰ মাটিত ভৰাই দিয়া হক বুলি প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে তেওঁ লোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰীৰ পিচত অহা পমুৱা মানুহক মাটি নিদিবৰ বাবে যি আইন আছে, সেই আইন উঠাই দিব। অসমীয়া হিন্দু মুছলমান আৰু ট্ৰাইবেল লোক সকলোৰ নিমিত্তে ইয়াতকৈ ভয়াবহ আৰু আন একো প্ৰস্তাৱেই হব নোৱাৰে

         অসমীয়া মানুহৰ, অসমৰ আজি হোৱা দূৰদৰ্শাৰ পূৰ্ৱাভাষ ভীমবৰ দেউৰীয়ে তেতিয়াই দি থৈ গৈছিলে। কিন্তু অসমৰ কি ৰাজনীতিবিদ, কি বুদ্ধিজীবি কোনেও এই কথা অনুধাৱন কৰিব পৰা নাছিলে। আজি ত্ৰিপুৰৰ দৰে দুৰৱস্থা, অসমৰ হবলৈ গৈ আছে বুলি বহুতেই ভয় খাই আছে। কোৱল অসমেই নহয়, ইংল্যেণ্ড, আমেৰিকা, ফ্ৰণ্সৰ একে দশা হৈছে। উদাৰতাই এইসকলোকৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে।

 

খখ