Dhiman Seal a Collection

-বিহু-

বড়ো ভাষাৰ বৈহো শব্দৰ পৰা অসমীয়া বিহু শব্দৰ উতপত্তি হৈছে ॥ লক্ষনীয় ভাৱে বড়ো ভাষাৰ বৈ শব্দই গৰু বুজায় আৰু হো শব্দৰ অৰ্থ হল পূজা ॥ বড়ো অঞ্চল আৰু নামনি অঞ্চলত কেই দশকমান আগলৈকে এই গৰু বিহুৱেই মূল বিহু আছিল ॥ এতেকে গৰু বিহুৰ দিনা সমগ্ৰ অসমীয়া জাতিয়ে যিহেতু গৰু পুজা কৰে , গতিকে বিহু শব্দ বৈহ শব্দৰ পৰা অহাটো ধূৰুপ ॥ অসমীয়াৰ গৰু পুজা আৰু ইয়াৰ পদ্ধতি সুকিয়া ॥ আকৌ আৰ্য সমাজত বা উত্তৰ ভাৰতত চলি অহা গো-পুজা আৰু ইয়াৰ পদ্ধতি সুকিয়া ॥ আৰ্য সমাজত বা উত্তৰ ভাৰতত গোপাষ্টমী তিথিতহে গো-পুজা সম্পন্ন কৰা হয় ॥ অথচ অসমত চত মাহৰ শেষৰ দিনা অৰ্থাত প্ৰথম বিহুৰ দিনা গৰু পুঁজা কৰা হয়॥

অসমৰ দ্বিতীয় বাতৰি কাকত আসাম বিলাসীন

১৮৭১ চনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে বাতৰি কাকত প্ৰকাশৰ উদ্বোগ লৈ কলিকতাৰ পৰা সোনামুখী জাহাজেৰে ছপাশাল এটা অনাইছিল ॥ ছপাশালটো ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা হাতীৰ গাড়ীৰে মাজুলীৰ আউনীআটীলৈ সত্ৰলৈ লৈ যোৱা হৈছিল॥ ছপাশালটোৰ নাম দিছিল "ধৰ্মপ্ৰকাশ যন্ত্ৰ" আৰু তাতেই অসমৰ দ্বিতীয়খন বাতৰি কাকত আসাম বিলাসিনী প্ৰকাশ কৰিছিল॥ আসাম বিলাসিনী আছিল স্বদেশী লোকৰ দ্বাৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত ॥