Lachit : The Assamese Hero

Lachit : The Assamese Hero

লাচিত বৰফুকন

অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক শৰাইঘাটৰ ৰণৰ প্ৰধান সেনাপতি অজেয় বীৰ লুখুৰাখুন ফৈদৰ লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে ॥ লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ॥ বৰবৰুৱা আছিল ৰাজ্যৰ প্ৰধান বিচাৰক আৰু কাৰ্যপালক॥ লৰালি কালতে ৰাজদৰবাৰত লাচিতৰ অহাযোৱা আছিল আৰু সেই সূত্ৰে তেওঁ ৰাজকাৰ্য সম্পৰ্কে জ্ঞান প্ৰাপ্ত হৈছিল॥ তাৰোপৰি লাচিতে যুদ্ধনীতিৰ বিদ্যাও আহৰণ কৰিছিল॥ যুৱ অবস্থাত লাচিত বৰফুকনে ৰাজদৰবাৰত প্ৰথমে হাঁচতি ধৰা তামুলী, ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা আৰু গড়গাঁৱৰ ওচৰৰ শিমলু খেলৰ প্ৰধান বিষয়া শিমলুগুৰীয়া ফুকন, গড়গঞা ডেকা ফুকন আদি বাপ পাইছিল॥ ইয়াৰ পিছতে লাচিতে ৰজাৰ দোলাকাষৰীয়া বৰুৱা পদত অধিস্থিত হৈছিল॥ ৰজাৰ নিৰাপত্তা তথা সামৰিক দিশৰ ক্ষেত্ৰত এই পদটি বেচ গুৰুত্বপূৰ্ণ আছিল॥ সেই সূত্ৰে লাচিতে ৰাজকাৰ্যৰ প্ৰচুৰ অভিজ্ঞতা তথা জ্ঞানপ্ৰাপ্ত হৈছিল ॥

মীৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত এটা উল্লেখনীয় ঘটনা ঘটিছিল ॥ আহোমৰ শাসন কালত সকলো প্ৰধান প্ৰধান সেনাবিষয়াৰ বাববোৰ আহোম সকলেহে ভোগ কৰিছিল ॥ আনক এই বাব দিয়াটো তেওঁলোকে সহ্য নকৰিছিল ॥ পিচে স্বৰ্গদেউ জয়ধ্বজ সিংহই বেজদলৈ পৰিয়ালৰ মনথিৰ ভড়ালীক বৰুৱা পাতি মীৰজুমলাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰেৰিত সেনানায়ক সকলোৰ ওপৰত চকু দিবলৈ দায়িত্ব প্ৰদান কৰিছিল ॥ ইয়াতে ফুকন, বৰফুকন সকলে ক্ষুণ্ণ হৈ মীৰজুমলাৰ বিৰুদ্ধে যুদ্ধ নকৰি হাত সাবতি বহি থাকিছিল ॥ ফলস্বৰুপে মীৰজুমলাই যোগীঘোপা অথবা গুৱাহাটী কতো ডাঙৰ প্ৰতিৰোধ নাপালে আৰু অনায়াসে নামনি অসম দখল কৰে ॥ মীৰজুমলাই ১৬৬২ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে শিমলুগড় দুৰ্গত প্ৰবেশ কৰে ॥ ইয়াৰ পিচত উত্তৰ পাৰৰ চামধৰাগড় হস্তগত কৰে ॥ চামধৰা গড়ৰ সৈন্য সকলে কোনো প্ৰতিৰোধ নকৰি এক প্ৰকাৰ পলায়ন কৰে ॥ মীৰজুমলাই ১৬৬২ চনৰ ১৭ মাৰ্চ তাৰিখে আহোমৰ ৰাজধানী গড়গাঁৱ নগৰত প্ৰৱেশ কৰে ॥ জয়ধ্বজ সিংহই ৰাজধানী এৰি নামৰূপৰ পৰ্বতলৈ পলাই যায় ॥ বান পানী, নানান বেমাৰ আৰু আহোম সেনাৰ নানা সৰু বৰ অতৰ্কীত আক্ৰমণত মোগল সেনা অতিষ্ঠিত হৈ উঠিছিল ॥ ১৬৬৩ চনৰ জানুৱাৰী মাহত তিপামৰ ঘিলাঝাৰত মোগলে আহোমৰ সৈতে সন্ধি কৰে ॥ সন্ধিমতে মোগলক যুদ্ধৰ খৰচ বাবত তিনি লাখ টকা, নব্বৈটা হাতী আৰু বছৰি একুৰি হাতী দিব লগাত পৰে ॥ লগতে স্বৰ্গদেউৰ জীয়েক ৰমনী গাভৰু আৰু ভতিজী তথা তিপাম ৰাজকন্যক বাদশ্বাহৰ তালৈ পঠাব লগীয়াত পৰে ॥ ১৬৬৩ চনৰ ফেব্ৰুৱাৰী মাহত মীৰজুমলাই অসম ত্যাগ কৰে ॥ মীৰজুমলাই ৰছিদ-খাঁক গুৱাহাটীত নামনি অসমৰ ফৌজদাৰ পাতি থৈ যায় ॥

স্বৰ্গদেউ জয়ধ্বজ সিংহই ভগনীয়া ৰজা হিচাপে খ্যাতি পাইছিল ॥ আনকি সাধাৰণ পোহাৰীয়েও তেওঁক ককৰ্থনা কৰিছিল ॥ কিন্ত্ু তেওঁৰ দেশ ভক্তি আছিল অকৃত্বিম ॥ মীৰজুমলাই দেশ এৰি যোৱাৰ পিচত গড়গাঁৱৰ অৱস্থা দেখি তেওঁ শোকত ভাগৰি পৰিছিল ॥ স্বৰ্গদেউৱে তেওঁৰ উত্তৰাধিকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সুস্থিৰ আৰু দৃঢ় সিদ্ধান্ত লৈছিল ॥ বিভিন্ন জনৰ তীব্ৰ আপত্তি স্বত্তেও তেওঁৰ নিজৰ আত্মীয়ক উত্তৰাধিকাৰী হিচাপে মনোনীত নকৰি চাৰিংৰ ৰাজপুত্ৰ তথা পাহুৱাল ডেকা চু-পুং-মুং, হিন্দু নাম চক্ৰধ্বজ সিংহক মনোনীত কৰিছিল, যি চক্ৰধ্বজ সিংহই অসমৰ হেৰোৱা গৌৰৱ মাত্ৰ ৬ বছৰতে ঘুৰাই আনিবলৈ সক্ষম হৈছিল ॥

লাচিত বৰফুকনে মীৰ্জুমলাৰ আক্ৰমণৰ সময়ত দিখৌমুখত যুদ্ধ কৰি অভিজ্ঞতা সঞ্চয় কৰিছিল॥ নিৰ্ভিকতা আৰু আত্মমৰ্যদাৰ গুণ সঞ্চিত লাচিতক স্বৰ্গদেউৱে কিছু পৰীক্ষা কৰি বৰফুকন পদত অধিস্থিত কৰিছিল॥

কছাৰী ৰজা ইন্দ্ৰ নাৰায়ণে মোমাই তামুলী বৰুৱাৰ ক্ষমতা আৰু কৰ্ম পাৰদৰ্শিতা দেখি তেওঁক নামজানি ৰজা বুলিছিল ॥ সেয়েহে তেওঁৰ কনিষ্ঠ কৰ্মপটু তথা দক্ষ পুত্ৰ লাচিতক নামজানি ফুকন হিচাপে খ্যাত আছিল ॥

মীৰজুমলাৰ অসম আক্ৰমণৰ পিচত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ কটাল দি থকাৰ আৰু মোগলৰ অধিনত থাকিব লগা হোৱা কথাটোত লজ্জিত হৈ আছিল॥ স্বাধীনমনা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰাজপাটত উঠিয়েই মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে ককাঁলত টাঙলী বান্ধছিল ॥ তেওঁ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ আৰু প্ৰশিক্ষণ দি এটা বিৰাট সামৰিক শক্তি গঢ়ি তুলিছিল ॥ ১৬৬৭ চনত স্বৰ্গদেউৱে যুদ্ধৰ আয়োজন সম্পূৰ্ণ কৰি দেশ উদ্ধাৰ কৰিবলৈ আদেশ দিলে॥

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আদেশ শিৰধাৰ্য কৰি ১৬৬৭ চনৰ ২০ অক্টোবৰ মাহৰ বৃহস্পতিবাৰে আহোম সৈন্য বাহিনীয়ে গুৱাহাটী উদ্ধাৰৰ বাবে যুদ্ধ যাত্ৰা কৰে ॥ আহোম সেনাই দুটা ভাগত বিভক্ত হৈ লুইতেৰে ভটিয়াই আহিবলৈ ধৰিলে॥ আহোম সৈন্যই কলিয়াবৰত বাহৰ পাতি মোগলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে॥ গুৱাহাটীত থকা মোগল ফৌজদাৰ ফিৰোজ খাঁ এই আক্ৰমণৰ বাবে একেবাৰেই প্ৰস্তুত নাছিল॥ আহোম সৈন্যই আহি বাহবাৰী চকী আক্ৰমণ কৰিলে ॥ আহোম সৈন্যই অনায়াসে এই চকী দখল কৰি গুৱাহাটীৰ সমিপৱৰ্তী কাজলী চকী আক্ৰমণ কৰিলে আৰু ইয়াত থকা সকলো মোগল সৈন্যক হত্য কৰি কাজলী চকীও হস্তগত কৰিলে ॥ এই খবৰ পাই উত্তৰ গুৱাহাটীত মোগল সৈন্যই পলাই পত্ৰং দিলে ॥ উত্তৰ গুৱাহাটী দখল কৰি আহোম সৈন্যই মণিকৰ্ণেশ্বৰ আৰু চাহ বুৰুজত বাহৰ পাতিলে ॥ এইবাৰ মোগল সৈন্যই মণিকৰ্ণেশ্বৰ আৰু চাহ বুৰুজ আক্ৰমণ কৰিলে ॥ এই যুদ্ধত মোগলৰ পৰাজয় ঘটিল ॥

গুৱাহাটীৰ শুক্ৰেশ্বৰ পাহাৰৰ ইটাখুলী চাউনীত মোগল সৈন্যৰ মূল ঘাটি আছিল॥ আহোম সৈন্যই এইবাৰ মোগলৰ মূল ঘাটী ইটাখুলী দুৰ্গ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিলে ॥ ইতিমধ্যে দু-সাহসী অসমীয়া সৈন্যই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ নদীয়েদি সাতুৰী সাতুৰী ভটিয়াই গৈ শুক্ৰেশ্বৰ পাহাৰৰ ওখ গোৰা বগাই ওপৰত থকা ইটাখুলী দুৰ্গৰ মোগলৰ বৰতোপত কলহেৰে পানী ভৰাই থৈ আহিছিল ॥ সেই নিশাই লাচিত বাহিনীয়ে ইটাখুলি দুৰ্গ আক্ৰমণ কৰিলে ॥ পানীৰে পূৰ্ণ মোগলৰ বৰতোপ অকামিলা হৈ পৰিল ॥ আহোম সৈন্যই বৰতোপেৰে ইটাখুলি দুৰ্গ আক্ৰমণ কৰিলত মোগল সৈন্য প্ৰাণ লৈ পলাল ॥ ১৬৬৭ চনৰ ২ নৱেম্বৰ বৃহস্পতি বাৰে পূৱতি নিশা ইটাখুলি দুৰ্গ আহোমৰ হাতত পৰিল ॥ গুৱাহাটীৰ ফৌজদাৰ চৈয়দ ফিৰোজ খাঁ আৰু মীৰবক্সি চৈয়দ চালা প্ৰমূখ্যে কিছু সৈন্য আহোমৰ হাতত পৰিল ॥ যুদ্ধ জয়ৰ বাতৰি পাই স্বৰ্গদেউ চক্ৰধ্বজ সিংহই কলে, - মই এতিয়াহে ভাত এগৰাহ সুখেৰে খাব পাৰিম ॥

মোগলৰ সম্ভাব্য প্ৰত্যাক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আহোমে গুৱাহাটী সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিবলৈ আৰু অহৰ্নিশে কটকটীয়া পহৰাৰ ব্যবস্থা কৰিবলৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই বৰফুকন আৰু বুঢ়াগোঁহাইক কাড়া নিৰ্দেশ দিছিল ॥ পশ্চিমৰ পৰা শত্ৰুয়ে আক্ৰমণ কৰিলে প্ৰথমে যোগীঘোপাৰ মানাহমুখ আৰু পঞ্চৰত্নত, তাৰ পিচত গুৱাহাটীত, কাজলীঘাতত আৰু তাৰ পিচত কলিয়াবৰৰ ওচৰত চামধৰা আৰু শিমলুগড় দুৰ্গত অসমীয়া সেনাই শত্ৰুৰ গতি ৰুদ্ধ কৰাৰ বাবে কোঠ পাতিছিল ॥ পিচে শত্ৰুক প্ৰতিহত কৰাৰ বাবে বহু সৰু বৰ পাহাৰেৰে আগুৰা গুৱাহাটী আছিল সকলোফালৰ পৰা উপযুক্ত স্থান ॥ অসমীয়া সৈন্যই ইয়াতেই খুটি পুটি বহি লৈছিল॥

ভবামতেই সম্ৰাট ঔৰংজেৱে অম্বৰৰ ৰজা জয়সিংহৰ পুত্ৰ ৰজা ৰামসিংহক ১৬৬৮ চনৰ জানুৱাৰী মাহৰ ৬ তাৰিখে অসম অভিযানৰ সেনাপতি নিয়োগ কৰি এক বিৰাট ফৌজ দি মোগলৰ হৃত সন্মান ঘুৰাই অনাৰ্থে অসম আক্ৰমণ কৰিবলৈ পঠাই দিয়ে ॥ যুদ্ধৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ, ৰচদপাতি আৰু সৈন্য যোগাৰ কৰি দিবলৈ উমদাত-উল-মুল জাফৰ-খাঁ উজিৰক আদেশ দিয়ে ॥ সম্ৰাট ঔৰংজেৱে কাকো সম্পূৰ্ণকৈ বিশ্বাস নকৰিছিল ॥ বিশেষকৈ হিন্দু ৰজা সেনানায়ক সকলোক॥ সেয়েহে সম্ৰাট ঔৰংজেৱে তেওঁৰ ওপৰত নজৰ ৰাখিবলৈ ভালেমান মুছলমান বিষয়াক নিয়োগ কৰি ৰজা ৰামসিংহৰ লগত পঠাইছিল ॥ তেওঁলোক হল মীৰা, চৈয়দ চাইফ দেৱান, সাতশ যাছোলৰ বাহলোলখাঁ দাৰোগা, তিনিশ তাহাদিৰ চুলতান আলি দাৰোগা আৰু মীৰ মজৰবেগ হাজী ওৱাকায়ানবীচ আদি॥ গুৱাহাটীৰ পূৰ্বৰ ফৌজদাৰ ৰচিদ-খাঁক সহকাৰী সেনাপতি হিচাপে নিয়োগ কৰি পঠাইছিল ॥

চৰাংচোৱাৰ সূত্ৰে আহোমসোকলে ডাৰৰ ৱাতৰি ডাৰতে পাই আছিল॥ এই আয়োজন আহোম সেনা সকলে একেবাৰেই ভয় কৰা নাছিল ॥ মাত্ৰ সষ্টম হৈছিল, আৰু বুজি উঠিছিল যে শক্ৰ শক্তিশালী গতিকে এইবাৰ যুদ্ধ আৰু কঠিন হব ॥ পিছে আহোমৰ ডাডাঙৰীয়া আৰু বিষয়া সকলে গুৱাহাটীৰ পৰা মানাহমুখ লৈকে অধিপত্য কায়েম কৰাৰহে চিন্তা কৰিছিল ॥ গড় বন্ধাই কোঠ সাজি গুৱাহাটী নিকপকপিয়া কৰাৰ সকলো প্ৰচেষ্টা সম্পূৰ্ণ কৰি তোলা হৈছিল ॥ বৰসেনাপতি লাচিতে ঘোষণা কৰিছিল -- প্ৰতিটো ৰণুৱাই নিজ কৰ্তব্য কপকপিয়াকৈ পালন নকৰিলে আৰু কোনো সেনাপতি বা ৰণুৱাৰ অবহেলাৰ প্ৰমাণ পালে, তুৰন্তে শিৰচ্ছেদ কৰা হব, স্বৰ্গদেউৰ হস্তক্ষেপৰ কথা পিছতহে আহিব ॥

বিশাল সৈন্যবাহিনী লৈ ৰামসিংহ উজাই আহি হাজোত বাহৰ পাতিলে ॥ ১৬৬৯ চনৰ মাৰ্চ মাহত ৰামসিংহ উজাই অহি আগিয়াঠুৰী পালে ॥ ৰছিদ-খাঁই আহি আহোম থানা শৰাই চকীৰ কাষ চাপে ॥ তেওঁলোকে গড় সুৰঙ্গ কৰি যুদ্ধ কৰাৰ চেষ্টা কৰে ॥ আহোম সৈন্যই খাবৈৰে পানী ভৰাই এই বাট বাট বন্ধ কৰি দিয়ে ॥ ৰজা ৰামসিংহই বিভিন্ন উপায়ে গড় ভাঙিবলৈ চেষ্টা কৰে যদিও আহোম সৈন্যৱে বাৰেপতি এই প্ৰচেষ্টাক বিফল কৰে ॥ মাজে মাজে শান্তিৰ প্ৰস্তাৱ আৰু মাজে মাজে যুদ্ধ চলি থাকে ॥ এইদৰে প্ৰায় তিনিবছৰ কাল এই প্ৰেচেষ্টা অব্যাহত থাকে ॥

ইয়াৰ মাজতে আলবৈ ৰণত প্ৰায় দহ হেজাৰ সৈন্য হেৰুৱাব লগা হয় ॥ ১৬৭১ চনৰ মাৰ্চ মাহত মোগলে কোনো প্ৰকাৰে আহোমক বলে নোৱাৰি নাৱৰে উজাই আহে ॥ আহোম সৈন্যৰ সেনাপতি লাচিত বৰফুকনে যেনিবা তেনে এটা পৰিবেশৰ বাবেই বাট চাই আছিল ॥ সেইদিনা লাচিতৰ তীৰে কপা জ্বৰ ॥ ইফালে দৈবজ্ঞই যুদ্ধৰ লগ্ন হোৱা নাই বুলি যুদ্ধত বাধাৰ সৃষ্টি কৰিছিল॥ অন্যহাতে সেনাপতি বিহীন অসমীয়া সেনাই পিচহুহুকিবলৈ যোযা কৰিছিল ॥ এফালে শত্ৰুৰ আক্ৰমণ অন্যফালে অসমীয়া সৈন্যৰ মনবল পৰা দেখি লাচিতে খাটৰে সৈতে নিজকে নাৱত তুলি দি সকলোৰে আগত নাও চলাই দিবলৈ আদেশ দিলে ॥ মাত্ৰ কেইখনমান নাওঁ লৈ লাচিতে শত্ৰুৰ ফালে নাওঁ চলাই দিছিল॥ কথা বিষম দেখি আন্ধাৰুবালিৰ পিনে থকা অসমীয়া সৈন্যই যুদ্ধত জপিয়াই পৰিছিল আৰু মোগলৰ চল্লিছখন মান নাও বুৰাই দিছিল ॥ অশ্বক্ৰান্তত থাকি উত্তৰ পাৰৰ সৈন্যক নেতৃত্ব দিয়া আতন বুঢ়াগোহাঁইয়েও অশ্বক্ৰান্তৰ পৰা নাওঁৰে শত্ৰুৰ ওপৰত আক্ৰমণ কৰিবলৈ তৰা নৰাকৈ চলাই দিছিল ॥ আন্ধাৰুবালিৰ পৰা নাওৰে অহা অসমীয়া সৈন্যই মোগল সৈন্যক পিছফালৰ পৰা ঘেৰি ধৰিলে ॥ বহু মোগল সৈন্য পানীত পৰি মৰিল ॥ বহু সৈন্যক অসমীয়া সৈন্যই কছু কটা দিলে ॥ বাচি থকা সৈন্যখিনি পলাই পত্ৰং দিলে ॥ অসমীয়া সৈন্যই মোগল সৈন্যক বহুদূৰ খেদি থৈ আহিছিল॥ এয়াই চমুকৈ শৰাইঘাটৰ যুদ্ধ॥

যুদ্ধনীতিৰ চাতুৰালি আৰু বিচক্ষণ ৰণনীতিৰে লাচিতে বিৰাট ৰামসিংহ বাহিনীক পৰাজিত কৰি অসমীয়া জাতিৰ সৌৰ্য-বীৰ্য সোণোৱালী পোহৰেৰে জোতিস্মান কৰি তুলিছিল ॥ এই যুদ্ধ ১৬৬৭ৰ পৰা ১৬৭১ চনলৈকে মুঠ চাৰি বছৰ ধৰি চলিছিল॥ এই যুদ্ধত জয় নহলে সমগ্ৰ উত্তৰ পূৱ অঞ্চল তথা দক্ষীঁণ পূৱ এছিয়াৰ ৰাষ্ট্ৰ সমূহৰ বুৰঞ্জীয়েই হয়তো অন্য ধৰণে লিখিব লগা হলহেঁতেন ॥

জৰ্জ হেলচিয়ে কৈছিল-- এজন নেতাৰ থাকিবলগীয়া চৌব্বিশটা গুণৰ আটাইকেইটা গুণেই লাচিত বৰফুকনৰ আছিল॥