H P Barua


 হৰিপ্ৰসাদ বৰুৱা 

কিছুমান মহান ব্যক্তিৰ কপালৰ ঘামবোৰ মাটিত পৰি মণি মুক্তা হয়। সেই মণি-মুকুতাৰে এটা জাতি জাতিস্কাৰ হৈ উঠে। তেওঁবিলাকৰ পদচিহ্ণ সময়ৰ বালিত সোণৰ হৈ ৰৈ যায়। তেওঁবিলাকৰ ত্যাগত, প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি উপকৃত হয়- উত্তৰ পুৰুষে, জাতিটোৱে। তেওঁবিলাকক জাতিটোৱে স্মৰণ কৰে যুগ যুগান্তৰ ধৰি। কৰযোৰে অঞ্জলী ভৰা শ্ৰদ্ধা নিবেদন কৰে- তেওঁলোকৰ পদপদ্মত।হৃদয়ৰ মণিকোঠাত সদায় বিৰাজ কৰে সেই মহান ব্যক্তিৰ স্মৃতি। তেনে এগৰাকী শালস্তম্ভ ব্যক্তি আছিল, আমাৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা ইঞ্জিনীয়াৰ হৰি প্ৰসাদ বৰুৱা।

    হৰি প্ৰসাদ বৰুৱা দেৱৰ জন্ম হৈছিল ১১ এপ্ৰিল ১৮৮৯ চনত গোলাঘাট চহৰত। লৰালিৰ পৰাই বৰুৱাদেৱ অতি প্ৰখৰ মেধাশক্তি সম্পন্ন আছিল। তেওঁ চিভিল ইঞ্জিনিয়াৰীং বিভাগত সুখ্যাতিৰে প্ৰথম হৈ কলকাতা বিশ্বব্দ্যালয়ৰ পৰা ১৯১৫ চনত বেচেলৰ অফ ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ MIE ডিগ্ৰীও লয়। তেওঁ ১৯১৬ চনত গড়কাপ্তানী বিভাগত এপ্ৰেণ্টি হিচাবে কৰ্মক্ষেত্ৰত নামি পৰিছিল। প্ৰতিভাধৰ বৰুৱাই ট্ৰেইনিং সাং কৰাৰ অন্তত তেওঁ Indian Service of Engineer (ISE) পদত নিৰ্বাচিত হৈছিল, যিটো তেতিয়াৰ দিনত ভাৰতীয় মানুহৰ বাবে এক প্ৰকাৰ দুষ্প্ৰাপ্য পদৱী আছিল। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্মাণ খণ্ডৰ ৰূপৰেখা বৰুৱাদেৱৰ হাততেই সাকাৰ ৰূপ ধাৰণ কৰিছিল। সঙ্গীত সিন্ধু শ্ৰদ্ধেয় হাজৰিকা দেৱৰ ভাষাত, পুৰণিৰে গাতে নাচে, নতুনে উলাহতেৰ দৰে নৱপ্ৰজন্মৰ কাৰিকৰিভাৱে বিজ্ঞ খনিকৰ সকলে, তেওঁ বন্ধাই থোৱা ভেটিটে প্ৰগতিৰ ৰূপ ৰেখা অঙ্কণ কৰিছে । কৰ্মক্ষেত্ৰত দক্ষতা আৰু বিভিন্ন প্ৰকল্প সফল আৰু ক্ষিপ্ৰ ৰূপায়নৰ অভিজ্ঞতাৰ বাবে তেওঁ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ Chief Engineer and Secretary পদত অধিষ্ঠিত হৈছিল। এই পদটিত অধিষ্ঠিত হোৱা তেওঁ উত্তৰ পূৱ ভাৰতৰ প্ৰথম ব্যক্তি আছিল। তেওঁ ১৯৪৭ চনত অৱসৰ গ্ৰহণ কৰে।

   তেওঁ অৱসৰ গ্ৰহণৰ আগমুহূৰ্তত অসম চৰকাৰে গুৱাহাটীত ডিপ্লমাৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গঢ়াৰ পৰিকল্পনা হাতত লয়। এই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান খনেই হল ঐতিহ্যমণ্ডিত গৌৰৱোজ্জল অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান। চৰকাৰে বৰুৱাদেৱক  এই প্ৰতিষ্ঠান গঢ়ি তোলাৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে। তেওঁ অৱসৰৰ পিচতো বিশেষ বিষয়া (Special Administrative Officer) হিচাপে নিযুক্ত হৈছিল আৰু সকলো নিৰ্মাণ আৰু প্ৰশাসনিক কাম-কাজ তদাৰক কৰিব লাগিছিল। আনকি শিক্ষক ৰূপে শ্ৰেণীৰ পাঠদানৰ দায়িত্বয়ো তেওঁ চম্ভালি লব লগা হৈছিল। প্ৰথম দিনৰ প্ৰথম ক্লাছবোৰো তেওঁয়েই লৈছিল। তেওঁৱেই প্ৰথম অধ্যক্ষ হিচাপে স্বীকৃত আছিল।

              ১৯৫৫ চনত অসম চৰকাৰে গুৱাহাটীৰ জালুকবাৰীত অসম ইঞ্জিনীয়াৰীং কলেজ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এইবাৰো প্ৰতিভাৰ খনিকৰ হৰিপ্ৰসাদ বৰুৱাদেৱৰ অভিজ্ঞতাক চৰকাৰে কামত লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰে বৰুৱাদেৱক অধ্যক্ষ হিচাপে নিযুক্তি দি চৰকাৰৰ সিদ্ধান্ত বাস্তবায়িত কৰাৰ সৰ্বদায়িত্ব তেওঁক প্ৰদান কৰে। বৰুৱাদেৱে প্ৰখম পদক্ষেপত চানমাৰিস্থ অসম অভিযান্ত্ৰিক প্ৰতিস্থানত ইয়াৰ শ্ৰেণীসমূহ আৰম্ভ কৰে আৰু অতি কম দিনৰ ভিতৰতে এই মহাবিদ্যলয়খনক জালুকবাৰীলৈ স্থানান্তৰ কৰে।

    ভাৰতৰ ইঞ্জিনীয়াৰ সকলৰ সৰ্বাঙ্গীণ উন্নয়ণ আৰু জীৱনযোৰা শিক্ষাৰে দক্ষ কৰি ৰখাৰ উদ্দেশ্যে গঠিত সৰ্ববৃহত প্ৰফেচনেল সংগঠন হল Institution of Engineers (India)কৰ্মৰত ইঞ্জিনীয়াৰ আনকি ইঞ্জিনীয়াৰিঙৰ ছাত্ৰৰ বাবে IEI এক আদৰ্শ প্ৰতিষ্ঠান। শ্ৰমো শিল্প, আৰু শ্ৰমক আন্তৰিকতাৰে ভাল পোৱা বিলাকো শিল্পী। অক্লান্ত কৰ্মশিল্পী (workaholic) বৰুৱাদেৱে ১৯৫৮-৫৯ চনত গুৱাহাটীৰ পানবজাৰত Institution of Engineers (India), Assam State Centre প্ৰতিষ্ঠাপক সভাপতিৰ দ্বায়িত্ব লৈ গুৱাহাটীত IEI প্ৰতিষ্ঠা কৰাত আগভাগ লয়।

    এইগৰাকী মহান ব্যক্তিৰ স্মৃতিক সুঁৱৰি ইঞ্জিনীয়াৰিং বৃত্তিধাৰীসকলে IEIত কিছুমান প্ৰশংসণীয় কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অসম অভিযান্তিক প্ৰতিষ্ঠানেও তেখেতৰ জন্মদিনটোত কিছু বিদ্যায়তনিক কাৰ্যসূচীৰে পালন কৰি তেখেতৰ অমূল্য ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিলে নিশ্চয় ভাল হব।