Kamakhya

 

 

কামাখ্যা মন্দিৰ আৰু অম্বুবাচী

ধীমান শীল

আহাৰ মাহৰ আদ্ৰনক্ষত্ৰৰ প্ৰথম পাদত সূৰ্যৰ অবস্থিতি কালছোৱাকে অম্বুবাচী বা আমতি বুলি কোৱা হয়। ইয়াক ষাঁঠ লগা বুলিও স্থানীয় মানুহে কয়। কামৰূপৰ শতিকা প্ৰাচীন এই মন্দিৰটো নীলাচল পাহাৰৰ ওপৰত অৱস্থিত। পৌৰাণিক কাহিনী অনুসৰি শিৱৰ পত্নী সতীৰ পিতৃ দক্ষই যোগ্যৰ আয়োজন কৰিছিল। এই যোগ্যত স্বৰ্গৰ প্ৰায় সকলো দেৱ দেৱীক নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু জোৱাই তথা ভস্মলোচন শিৱক নিমন্ত্ৰণ জনোৱা নাছিল। দক্ষ ৰজাৰ দুহিতা সতীয়ে এই যোগ্যত যাবলৈ জেদ ধৰাত শিৱই অনুমতি দিবলৈ বাধ্য হৈছিল। যোগ্যত অহাত ৰজা দক্ষই ভস্মলোচনৰ অধ্যাংগিনী সতীক তিৰস্কাৰ কৰিছিল বাবে সতীয়ে যোগ্যস্থলীতেই প্ৰাণ ত্যগ কৰিছিল।এই খবৰ লাভ কৰি শিৱ অগ্নিশৰ্মা হৈ আহি যোগ্যস্থলী লণ্ড ভণ্ড কৰিছিল আৰু দক্ষৰ মূণ্ডচ্ছেদ কৰিছ্ল। তাৰ পিছত ক্ৰোধিত শিৱই তাণ্ডৱৰ সৃষ্টি কৰোতে ধৰিত্ৰী কম্পমান হয়।শিৱই সতীৰ প্ৰাণহীন দেহটি কান্ধত লৈ গোটেই ভূ-ভাৰস্থ ঘুৰি ফুৰিছিল। নাৰায়ণে সুদৰ্শন চক্ৰৰে সতীৰ দেহটি শিৱৰ দেহৰ পৰা কাটি কাটি পেলাই দিছিল। যত যত আই সতীৰ অংগ পৰিছিল তাতেই একো একোটা শক্তিপীঠৰ নিৰ্মাণ হৈছিল। নীলাচল পাহাৰত সতীৰ দেহৰ যোনীঅংশ পৰিছিল। তাতেই নিৰ্মান হৈছিল কামাখ্যা ধামৰ।

     কামাখ্যা হল শক্তিপীঠ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত দেৱীৰ কোনো মূৰ্তি নাই। মন্দিৰৰ ভিতৰত এচটা যোনী-আকৃতিৰ শিল আছে। এটা প্ৰাকৃতিক নিজৰাই এই শিলচটা অনবৰতে ধুৱাই থাকে। এই শিলচটা ৰঙা কাপোৰেৰে সদায় ঢাকি ৰখা হয়। দেশ বিদেশৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰে।প্ৰতি বছৰে আহাৰ মাহত নীলাচল পাহাৰৰ এই কামাখ্যা ধামত অম্বুবাচি মেলা হয়।

     কৃষি কাৰ্যৰ উৰ্বৰতাৰ লগত পৃথিবী বা ধৰিত্ৰী আৰাধনা সকলো সভ্যতাতে বিৰাজমান। সেই হিচাবে ধৰিত্ৰী হল আৰাধ্য দেৱী। টাইগ্ৰীছ ইউফ্ৰেটিছকে আদি কৰি প্ৰায় সকলো সভ্যতাতেই আই বসুমতিক  আৰাধ্য দেৱী হিচাপে আৰাধনা কৰা হৈছিল। অম্বুবাচিও প্ৰকৃততে কৃষিৰ লগত ওতঃপ্ৰোত ভাবে জৰিত মূলত এটা কৃষি উতসৱেই। অম্বু মানে পানী আৰু বাচি মানে পৰিস্ফুটিত হোৱা। ইয়াৰ ভাৱাৰ্থ হল, অম্বুবাচিৰ পৰাই বৰষুণৰ পানীৰে ধৰণী উপচাই মাটিক শষ্য উপযোগী কৰি তোলা।

সেয়েহে প্ৰকৃততে অম্বুবাচি প্ৰকৃতিৰ লগত সম্পৰ্ক ৰহিত। প্ৰথা অনুসাৰে উক্ত সময়ত আই বসুমতী অৰ্থাত পৃথিবী ৰজঃস্বলা হয়। সেই সময়ত গছপুলি ৰোৱা, গছ কটা, হাল মৰা, আদি কাম নিষিদ্ধ। ইয়াৰ আগতেই কৃষকে মাটি চহাই ঠিক ঠাক কৰি থব লাগে। এই পাঁচ দিন মাটি খিনিক জিৰণি দিলে মাটিখিনিৰ উৰ্বৰতা শক্তি বৃদ্ধি হয়। সম্প্ৰতি অনাদি কালৰে পৰা চলি অহা এই মেলা বিশ্ববিশ্ৰুত হবলৈ আৰম্ভ কৰিছে।

জেঠ মাহৰ শেষৰ দিনটোত সূৰ্য যেতিয়া মিঠুন ৰাশিলৈ গমন কৰে তাৰ পিছৰ সেই বাৰটোৰ সেই সময়তে অম্বুবাচি প্ৰবৃত হয়। এইকেইদিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে। পাঁচদিন পিচত মন্দিৰৰ দুৱাৰ খোলা হয়। মন্দিৰৰ দুৱাৰ খোলাৰ আগেয়ে নৈমিত্তিক ভাৱে পূজা অৰ্চনা, ধ্যান যোগ্য আদি কৰা হয় আৰু ছাগলী, হাঁহ, পাৰ আদি বলি বিধান কৰা হয়। তাৰ পিচত মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খুলি দিয়া হয়। দেশ বিদেশৰ অগণন ভক্তই এই বিশেষ দিনটোত আইৰ আশিষ পাবৰ বাবে মন্দিৰ দৰ্শন কৰে।

কামাখ্যা দেৱীৰ দুটা ৰুপ। এটা হল সম্ভোগ ৰূপ, আনটো হল সংহাৰী ৰূপ। এটা সময়ত কামাখ্যা তান্ত্ৰিক বামাছাৰী সকলৰো লীলাভূমি আছিল। ইয়াত বামাচাৰী সকলে বিভিন্ন তন্ত্ৰ-মন্ত্ৰ আৰু যোগ সাধনা কৰাৰ ইতিহাস আছে। বামাচাৰী তান্ত্ৰিক সকলে বিশ্বাস কৰে যে ৰজঃস্বলা অৱস্থাত সংগম কৰিলে নাৰীৰ ৰক্তই পুৰুষৰ শ্ৰী বৃদ্ধি কৰে আৰু আয়ুসো বৃদ্ধি কৰে। আনহাতে সংহাৰী ৰূপা কামাখ্যা হল উগ্ৰ ৰূপা তথা কালীৰ ৰূপ ধাৰী।

 আকৌ মঙ্গোলীয় গোষ্ঠিৰ লোক বড়ো-কছাৰী সকলৰ মাজতো কামাখ্যাৰ ঋতুস্নান সম্পৰ্কে জনবিশ্বাস প্ৰচলিত আছে। তেওঁলোকৰ মতে স্বয়ং জন্মদাত্ৰী আই-খান-মাই (কামাখ্যা)দেৱী বছৰত এবাৰকৈ ৰজঃস্বলা হয়। যাৰ পৰিণামত পৃথিবী পুনৰ শস্য শ্যামলা হৈ উঠে। এই পুজাক অম্বুবাচী, আমতী আৰু শাঠ লগা বুলিও কামৰূপ তথা নামনি অসমত কয়।

নৰক বসুমতিৰ কোলাত স্থিতি লৈছিল ৰজঃস্বলা অৱস্থাত। ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধত কালিবিপ্ৰ দেৱৰ বিৰচিত কালিকা পুৰাণ মতে ৰজা নৰকক পিতৃ বিষ্ণুৱে কামাখ্যা দেৱীক পুজা কৰি থাকিবলৈ আৰু আন দেৱ দেৱীক পুজা নকৰিবলৈ উপদেশ দিছিল। ৰামায়নত নৰকৰ নাম দুবাৰ উল্লেখ কৰা হৈছে। অনুমান ১৫৪০ খ্ৰীষ্টাব্দৰ আশেপাশে ৰচিত যোগিনী তন্ত্ৰ মতে যেতিয়ালৈকে ৰজা নৰকে কামাখ্যা দেৱীক পুজা কৰি থাকিব, তেতিয়ালৈকে দেৱী প্ৰসন্ন হৈ থাকিব আৰু নৰক ধনে জনে, সুখে শান্তিৰে থাকিব আৰু দেৱী বিমুখ হলেই নৰকৰ বিমঙ্গল হব। ষোড়শ শতিকাত ৰচিত সাধনামালাতো পৌৰাণিক কামৰূপৰ বহু তথ্য পোৱা যায়। নীলাচল মানে নীলা আচল মানে নীলাম্বৰ যিটো বলৰামৰ অন্য এটা নাম। নীলাচলৰ পুৰণি নাম বৰাহ পৰ্বত।

 

 কিছুমানৰ মতে অসুৰ বংশৰ ৰজা নৰকে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। নৰক দুজন থকাৰ প্ৰমাণ পোৱা যায়। প্ৰথম নৰকে প্ৰথম শতিকা বা তাৰ পূৰ্বে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ সময়ৰ সোঁতত ৰাজনৈতিক আৰু প্ৰাকৃতিক কাৰণত ভালে কেইবাৰ পৰিত্যক্ত হৈছিল। মন্দিৰৰ অতি প্ৰাচীন অংশটোৰ নাম মনোভৱ গুহা।

নীলাচল পাহাৰৰ মন্দিৰ সমূহ আক্ৰমণকাৰী নাচিৰুদ্দিনে ১২২৭ খ্ৰীষ্টাব্দত আৰু ১২৫৫ খ্ৰীষ্টাব্দত মালিক উজবেগ টুগ্ৰিল খানে আক্ৰমণ কৰি লুটপাট আৰু ক্ষতিগ্ৰস্ত কৰে।

কোচ ৰাজবংশৰ লগত কামাখ্য মন্দিৰৰ সম্পৰ্ক অতি নিবি়ড়। ৰজা বিশ্বসিংহই এবাৰ নৈশ অভিযানত নিজ সৈন্য বাহিনীৰ পৰা বিচ্ছিন্ন হৈ এই পৰিতক্ত মন্দিৰ ওলাইছিল। তেতিয়া বিশ্বসিংহই তেওঁৰ সৈন্য বাহিনীৰ লগত পুনৰ্মিলন কৰাই দিবলৈ দেবীৰ ওচৰত প্ৰাৰ্থনা কৰি সোণৰ মন্দিৰ বন্ধাই দিব বুলি মানস কৰিছিল। মানস পূৰ্ণ হোৱাত সোণ দি মন্দিৰটো পুনৰ নিৰ্মাণ কৰি দিবলৈ যোজা কৰিছিল। পিছে মন্দিৰটো ডাঙৰকৈ পৰিকল্পনা কৰাত সোণৰ পৰিমান কম হয়। মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি প্ৰতিটো শিলত এক ৰতিকৈ সোণ দি মন্দিৰটো পুনৰ নিৰ্মাণ কৰাই দিছিল।

১৫৫৩ চমত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰটো ধংস কৰে। কালাপাহাৰ পূৰ্বতে হিন্দু ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল। তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল, ৰাজীৱলোচন ৰায়। দুৰ্দান্ত কলা শৰীৰৰ প্ৰকাণ্ড মানুহজন পাহাৰৰ দৰে আছিল বাবে তেওঁৰ আন এটা নাম আছিল, কালাচান্দ ৰায়, ওৰফে কালাপাহাৰ। কালাপাহাৰ, কলিংগৰ গজপতি মুকুন্দদেৱৰ প্ৰধান সেনাপতি আছিল। তেওঁ বংগৰ চুলতান চালেমান কৰাণিৰ লগত শান্তি চুক্তিৰ বিষয়ত আলোচনা কৰিবলৈ চুলেমানৰ ৰাজধানীলৈ আহিছিল। চুলেমানে তেওঁৰ অনিন্দ সুন্দৰী ভনীয়েক গুলনাজক কালাপাহাৰৰ শুশ্ৰুষাত নিয়োগ কৰি প্ৰেমৰ জালত বন্দি কৰি লৈছিল। কালাপাহাৰে সুন্দৰী গুলনাজক বিয়াৰ প্ৰস্তাৱ দিয়াত চুলেমানে তাক সানন্দে গ্ৰহন কৰিছিল। কিন্তু কালাপাহাৰক ইছলাম ধৰ্মত দিক্ষিত হোৱাৰ চৰ্ত বাদ্ধি দিছিল। প্ৰথম অবস্থাত কালাপাহাৰে সেই প্ৰস্তাৱ মানি লোৱা নাছিল যদিও গুলনাজৰ আবদাৰত বন্দি হৈ কালাপাহাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰি মহম্মদ ফাৰ্মুদি নামেৰে নামাঙ্কিত হৈ গুলনাজক বিবাহ কৰায়। এই খবৰ চুলেইমানে লগে লগে সৰ্বত্ৰে বিয়পাই দিয়ে। লগে লগে ৰজা প্ৰজা সকলোৱে ইয়াক নিন্দা কৰিবলৈ ধৰে। বিয়াৰ পিচত কালাপাহাৰে নিজ দেশলৈ গৈ হিন্দু ধৰ্মত পুনঃ দিক্ষিত হবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তেওঁ পুৰীৰ জগন্নাথ মন্দিৰৰ ব্ৰাহ্মণ সমাজক বাৰে বাৰে হিন্দু ধৰ্মত পুনঃ শৰণ  দিবৰ বাবে প্ৰস্তাৱ দিছিল। কিন্তু জগন্নাথ মন্দিৰৰ পুৰহিতে কালাপাহাৰক পুনঃ হিন্দু ধৰ্মলৈ ঘুৰাই আনিবলৈ মান্তি হোৱা নাছিল। কালাপাহাৰে ইয়াতে ক্ষুণ্ণ হৈ চুলেইমানৰ ৰাজ্যলৈ ঘুৰি যায়। চুলেইমানে যেন এই ক্ষণলৈকেই ৰৈ আছিল। চুলেইমানে লগে লগে কালাপাহাৰক সেনাপতি নিয়েগ কৰে। এইবাৰ বিৰাট এদল সৈন্যবাহিনী লৈ কালাপাহাৰে কলিংগ আক্ৰমণ কৰি কনাৰ্ক মন্দিৰ, জগন্নাথ মন্দিৰকে আদিকৰি অগণন মন্দিৰ ধংস কৰে। পিছে কালাপাহাৰৰ জীৱন বুৰঞ্জীত কামাখ্যা মন্দিৰ ধংসৰ কথা পোৱা নাযায়।কালাপাহাৰে কোচ ৰাজ্যৰ ৰাজধানী আক্ৰমণ কৰি ঘুৰি যায়। অন্যহাতে কামাখ্যা মন্দিৰ পুনৰনিৰ্মাণ কৰাইছিল ১৫৬৫ খ্ৰীষ্টাব্দত। কালাপাহাৰে কোচৰাজ্য আক্ৰমণ কৰিছিল ১৫৬৮ খ্ৰীষ্টাব্দত।

বহুতেই মন্তব্য কৰে যে প্ৰাকৃতিক কাৰণতে এই মন্দিৰটো পৰিতক্ত হয়। পৰৰ্বতী সময়ত মহাৰাজ নৰনাৰায়ণে কামাখ্য মন্দিৰতটো পুনঃ নিৰ্মান কৰি দিয়ে। এই নিৰ্মাণ কাৰ্য সম্পাদন কৰিবলৈ দায়িত্ব, ভাতৃ সেনাপতি মেঘমুকুন্দক অৰ্পণ কৰে। সেনাপতি মেঘমুকুন্দ স্থাপত্য বিদ্যাত নিপুন জ্ঞানৰ অধিকাৰী আছিল। মেঘমুকুন্দই শিলেৰে গম্বুজটো সজাবলৈ দুবাৰকৈ প্ৰচেষ্টা কৰিছিল কিন্তু সমৰ্থ হোৱা নাছিল।শেষত মেঘমুকুন্দই গম্বুজটো ইটাৰে সজোৱাৰ সিদ্ধান্ত লয়।

সময়ৰ দুৰন্ত গতিত শত শত ৰজা, ৰাজবংশৰ উথ্থন পতন হৈছে। বিভিন্ন ৰজা-মহাৰজাই সময়ৰ বুৰঞ্জীত নিজৰ নাম খোদিত কৰিছে। শত শত তেজস্বী পুৰুষৰ নাম সময়ৰ বালি ৰেখাৰ পৰা সময়ৰ বতাহে উৰুৱাই নিঃচিন্ন কৰিছে। কিন্তু কামাখ্যা মন্দিৰৰ গৰিমাৰ ম্লান হোৱা নাই, বৰং বাঢ়িছেহে। 

অনাদি কালৰে পৰা কামাখ্যা বিৰাজমান নেকি । এই প্ৰশ্নটোৱে এতিয়া ইতিহাসবিদ সকলক চিন্তাৰ খোৰাক যোগাইছে। বৰ্তমানৰ বিষ্ণু, পুত্ৰ নৰক, শিৱ পত্নী সতী ওৰফে মা ভগৱতী আৰ্য সভ্যতাৰ আখ্যান। এই আখ্যন অহাৰ আগতেই বা গংগা সভ্যতাৰ আগমন্ পূৰ্বে ইয়াত ম্লেষ জাতিয়ে ৰাজত্ব কৰিছিল। তেওঁবিলাকে মাতৃ ৰূপী দেৱতাক পুজা কৰিছিল। প্ৰসাদ ৰুপে মাংস, পনীয়ৰে দেৱীক পুজা কৰিছিল। আৰ্য সভ্যতাই ঢুকি পোৱাৰ আগতেই এই অঞ্চলত নাৰীক, শক্তিৰ তথা উৰ্বৰাৰ আধাৰ ৰূপে পুজা পাতল কৰিছিল। এতদ অঞ্চলৰ জয়ন্তীয়া, খাচী আৰু গাৰো সকল মাতৃপ্ৰধান। মাতৃ প্ৰধান খাছী সকলে পূৰ্বতে আৰাধনা কৰা দেৱীৰ নাম আছিল কা-মেইখা। তেনেদৰে জয়ন্তীয়া সকলেও কৰা দেৱী পুজাত বলী বিধানৰ প্ৰচলন আছিল। বড়ো মূলীয় চুতিয়া সকলে গোঁসানী কেছাই খাইতীক নৰবলীৰে পুজা আৰাধনা কৰিছিল আৰু আজিও ৰক্তৰে পুজা কৰে। তদুপৰি মহিলাৰ দ্বাৰা দেওধানী নৃত্য জাতীয় নৃত্যৰে পূজা অৰ্চনা কৰিছিল। আদিতে এইবোৰত ব্ৰাহ্মণৰ প্ৰচলন নাছিল। স্থানীয় জনগোষ্ঠিৰ পুজাৰীয়ে পুজা পাতলৰ কাৰ্য সমাপন কৰিছিল। বহুত পূজা অৰ্চনাত বামাচাৰী আৰু পিচলৈ মহাযান বুদ্ধৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ পৰিছিল। এইবিলাক আৰাধনাস্থলীত বহু দেৰিকৈ ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱ পৰিছে তথা সংস্কৃতায়ন হৈছে।

কামাখ্যা দৰ্শন কৰিব নোৱাৰে নৰনাৰায়ণৰ বংশধৰেঃ এইক্ষেত্ৰত এটা সুৱনী মনৰোচক কাহিনী পোৱা যায়। কামাখ্যা পুনৰ নিৰ্মাণ কৰাৰ পিচত পুৰোহিত কেন্দুকোলাইয়ে একান্ত চিত্তে পুজা অৰ্চনা কৰিছিল। পুৰোহিত কেন্দুকোলাইৰ পুজাত সন্তুস্ত হৈ কামাখ্য দেৱীয়ে কেন্দুকোলাইৰ সন্মুখত সোশৰীৰে আবিৰ্ভাৱ হৈছিল আৰু উলঙ্গহৈ নৃত্য কৰিছিল। কথাটো গম পাই মহাৰাজ নৰনাৰায়ণেও এই নৃত্য চাব বিছাৰিছিল। কিন্তু পুৰোহিত কেন্দুকোলাইয়ে এয়া সম্ভৱ নহয় বুলি মহাৰজক জনাই দিছিল। তেতিয়া নৰনাৰায়ণে মন্দিৰৰ বেৰত ফুটা এটা কৰি কামাখ্যাৰ দেৱীৰ নৃত্য উপভোগ কৰাৰ ব্যৱস্থা কৰি দিবলৈ কৈছিল। উপায়ন্ত কেন্দুকোলাইয়ে সেই ব্যৱস্থা কৰি দি পুজাৰ আয়োজন কৰিছিল। পুজাৰ সময়ত দেৱী আবিৰ্ভাৱ হৈ নৃত্যৰতা হৈছিল । কিন্তু অন্তৰ্যামী দেৱীয়ে এই কথা জানিব পাৰি পুৰোহিত কেন্দুকোলাইক এক চৰ মাৰি মুণ্ডচিন্ন কৰিছিল। কেন্দুকোলাইৰ চিন্ন মূৰটো চিঙি গৈ মঙ্গলদৈৰ গাঁৱ এখনত পৰিছিল। তেতিয়াৰে পৰা এই গাঁৱৰ নাম কলাইগাঁৱ হৈছিল। দেৱীয়ে মহাৰাজ নৰনাৰায়ণক এই বুলি অভিশাপ দিছিল যে, যদি তেওঁ বা তেওঁৰ বংশধৰে কেতিয়াবা এই মন্দিৰ দৰ্শন কৰে তেন্তে তেওঁলোকৰ বংশ নাশ হব। তেতিয়াৰ পৰা মহাৰাজ নৰনাৰায়ণে কামাখ্য মন্দিৰ দৰ্শন কৰা নাছিল। আনকি তেওঁৰ বংশধৰে পৰম্পৰা মানি আজিও কামাখ্যা মন্দিৰ দৰ্শন নকৰে।

সূত্ৰঃ   ১. ডেকা, প্ৰণৱজ্যোতিঃ নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ, গুৱাহাটীঃবান্ধৱ,২০২০।

২.তান্ত্ৰিক আৰু উৰ্বৰা সমৃদ্ধ উতসৱঃ কামাখ্যা অম্বুবাচী, ২২ জুলাই ২০২৩ পৃ. ৪.

     ৩. কানিশেট্টী, অনিৰুদ্ধ: Kamakhya Temple is one way Assam Shaped Sanskritic mainstream in medieval India, The Print: 22June 10:15am IST

 ৪. উইকিপিডিয়া