NEP 2020

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০

ড. হিতেশ তহবিলদাৰ

অধ্যক্ষ,

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান

শিক্ষাবিদ হিচাপে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল- শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশকে বুজো॥ আকৌ শিক্ষাৰ সহায়ত জীৱিকা উপাৰ্জন দক্ষতা আৰু কৌশল আয়ত্ত কৰিব লাগিব॥

ভাৰতবৰ্ষৰ প্ৰথম শিক্ষানীতি ৰূপায়িত হৈছিল ১৯৬৮ চনত॥ দ্বিতীয় শিক্ষানীতি প্ৰৱৰ্তিত হৈছিল ১৯৮৬ চনত॥ বৰ্তমান আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াৰ সভাপতিত্বত কেবিনেটে ২৯ জুলাই ২০২০ তাৰিখে গ্ৰহণ কৰে॥ ইয়ে ১৯৮৪ চনৰ পৰা চলি অহা ৩৪ বছৰীয়া শিক্ষানীতিৰ অৱসান ঘটায়॥ শিক্ষাৰ্থী কেন্দ্ৰীক নতুন শিক্ষা ব্যৱস্থা শিক্ষানীতিৰ লাই খুঁটা॥ শিক্ষাত দায়বদ্ধতা, দায়িত্ববোধ, মানদণ্ড, সাৰ্বজনীনতা আৰু সৰ্বজনে ব্যয় বহন কৰিব পৰা হব এই শিক্ষানীতি, যাৰ লক্ষ্য ২০৩০ চনলৈ ভাৰতবৰ্ষক এখন জ্ঞান-ভিত্তিক সমাজ আৰু জ্ঞানৰ বিশ্বগুৰু হিচপে প্ৰতিষ্ঠা কৰা ॥ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ অকল পাঠ্যপুঠি ৰ জ্ঞান আয়ত্ব কৰাই নহয়, ইয়াৰ লগতে চৰিত্ৰবান তথা সুনাগৰিক কৰি তোলাও হব নতুন শিক্ষানীতিৰ লক্ষ্য॥ নতুন শিক্ষানীতিৰ এটা উল্লেখযোগ্য বৈশিষ্ট হল, শিক্ষাৰ্থীৰ বহুধাবিভক্ত পাঠ্যক্ৰমৰ ৰাপ থকা যি কোনো এটা বিষয় পঢ়িব পৰাৰ সুযোগো লাভ কৰা ॥

নতুন শিক্ষানীতিয়ে শিক্ষাৰ্থীৰ সৃষ্টিশীল মন গঢ়ি তোলাত অৰিহণা যোগাব॥ ইয়াৰোপৰি পৰমুখাপেক্ষিতাৰ পৰিবৰ্তে স্বনিৰ্ভৰশীলতা, বোধন বা বুজিপোৱা শক্তি, বাস্তৱ জীৱনৰ সমস্যা বিশ্লেষণ কৰিব পৰা ব্যবস্থা, এই শিক্ষানীতিৰ পাঠ্যক্ৰমত থাকিব॥ ব্যক্তি এজনে দৈনন্দিন জীৱনৰ সমস্যাৰ কেনেকৈ মুখামুখি হব সেই গুণ আয়ত্ব কৰিব পৰিব॥ ভৱিষ্যতৰ নাগৰিক সকল যাতে সুস্থ মানসিকতাৰ হয় তাৰ বাবে নতুন শিক্ষানীতিত নৈতিকতাৰ শিক্ষাও দিয়া হব॥

নতুন শিক্ষানীতি ৫ + ৩ + ৩ + ৪ সূত্ৰত মণিবন্ধনেৰ সংবন্ধনিত কৰা হব, যিয়ে বৰ্তমানে চলি থকা    ১০ + ২ ৰ বিকল্প হব॥ ৩ বছৰ বয়সত শিশুৰ শিক্ষা আৰম্ভ হব ॥

চমুকৈ

প্ৰথম ৫ বছৰঃ- মৌলিক শিক্ষা আৰু মানসিক উতকৰ্ষ সাধন

পৰবৰ্তী ৩ বছৰঃ- প্ৰাৰম্ভিক শিক্ষা

পৰবৰ্তী ৩ বছৰঃ- উচ্চ প্ৰাথমিক শিক্ষানীতি

পৰবৰ্তী ৪ বছৰঃ- মাধ্যমিক শিক্ষানীতি

আকৌ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো গ্ৰহণ কৰা ব্যৱস্থা আকৰ্ষণীয় ॥ বৰ্তমানৰ তিনি বছৰীয়া স্নাতক শিক্ষা ব্যবস্থাত যদি শিক্ষাৰ্থীয়ে এক বা দুই বছৰ পঢ়ি পঢ়াশুনা বাদ দিয়ে তেন্তে শিক্ষাৰ্থী গৰাকীয়ে পঢ়ি যোৱা মুল্যৱান এক বা দুই বছৰ অথলে যায়॥ নতুন স্নাতক শিক্ষা ব্যবস্থা চাৰি বছৰিয়া হব আৰু এক বা দুই বছৰ পঢ়া শিক্ষাৰ্থীয়েও চাৰ্টিফিকেট বা ডিপ্লমা আহৰন কৰি কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব॥

স্নাতক শিক্ষা ব্যবস্থা হবঃ-

প্ৰথম বছৰ (২ টা চেমিষ্টাৰ)- চাৰ্টিফিকেট

দ্বিতীয় বছৰ (৪ টা চেমিষ্টাৰ)- ডিপ্লমা

তৃতীয় বছৰ (৬ টা চেমিষ্টাৰ)- স্নাতক

চতুৰ্থ বছৰ (৮ টা চেমিষ্টাৰ)- সন্মান সহ স্নাতক

এই শিক্ষা ব্যবস্থাত পাঠ্যক্ৰম কটকটীয়া বন্ধনত আবদ্ধৰ পৰিবৰ্তে শিথিল হব॥ আন্তঃ পাঠ্যক্ৰমৰ পঠন ব্যবস্থা উপলব্ধ হব॥ স্বাস্থ্য বা অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ছাত্ৰ এজনে ইচ্ছা বা ৰাপ থাকিলে সংগীত অথবা ৰাজনীতি বিজ্ঞান পঢ়িব পাৰিব॥ ইয়াৰ দ্বাৰা ৰাপ থকা বিষয় এটা শিক্ষাৰ্থী গৰাকীয়ে অধ্যয়ন কৰি শিক্ষাৰ্থী গৰাকীৰ অন্তৰ্নিহিত গুণৰ বিকাশ সাধন কৰিব পাৰিব॥ এই শিক্ষানীতি উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰথম বৰ্ষত স্নাতকোত্তৰ ডিপ্লমা আৰু দ্বিতীয় বৰ্ষত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব॥

এই শিক্ষানীতি ৩ বছৰীয়া স্নাতক হলে ২ বছৰীয়া স্নাতকোত্তৰ হব আৰু ৪ বছৰীয়া সন্মান সহ স্নাতক হলে এবছৰীয়া স্নাতকোত্তৰ হব॥ নতুন শিক্ষানীতি সমন্নিত স্নাতক স্নাতকোত্তৰ গবেষনা ব্যবস্থা আছে॥

নতুন শিক্ষানীতিত বৃত্তিমুখী শিক্ষা মূল শিক্ষাৰ লগত সংলগ্ন হৈ থাকিব॥ কাৰিকৰী শিক্ষা চাৰিবছৰীয়া হব ॥ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এনে ধৰনৰ হবঃ-

প্ৰথম বছৰ (২ টা চেমিষ্টাৰ)- চাৰ্টিফিকেট কোৰ্চ

দ্বিতীয় বছৰ (৪ টা চেমিষ্টাৰ)- ডিপ্লমা

তৃতীয় বছৰ (৬ টা চেমিষ্টাৰ)- এডভান্স ডিপ্লমা

চতুৰ্থ বছৰ (৮ টা চেমিষ্টাৰ)- ডিগ্ৰী

নতুন শিক্ষানীতিৰ আন কেইটামান বিশেষ বৈশিষ্ট হলঃ-

১. ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰা,

২. বৃত্তিমুখী আৰু প্ৰাপ্ত বয়স্ক শিক্ষাত গুৰুত্ব,

৩. ৰাষ্ট্ৰীয় শিক্ষা আয়োগ গঠন, আৰু

৪. শিক্ষাত কাৰিকৰী যন্ত্ৰৰ প্ৰয়োগ বৃদ্ধি কৰা ॥

নতুন শিক্ষানীতিত উদ্যোগিকীকৰণ আৰু ডিজিটেল শিক্ষাৰ প্ৰসাৰত জোৰ দিয়া হব॥ শিক্ষানীতিত স্বচ্ছতাৰ লগতে উতপাদনশীলতাৰ ব্যৱস্থা থকাৰ লগতে উপাৰ্জন কৰাৰ লগে লগে পঢ়াৰ সুয়োগ উপলব্ধ থাকিব॥ এই শিক্ষানীতিৰ সাফল্যই আমাক স্বনিৰ্ভৰশীলতা, আৰ্থিক ভাবে লাভবান, সৰ্বাত্মক বিকাশৰ সুযোগ আনি দিব, লগতে ভাৰতক জ্ঞানৰ বিশ্বগুৰু হোৱাৰ সুযোগ পুৰ্ণমাত্ৰাই দিব ॥