Assamese Phrases & Idioms ফকৰা যোজনা

এই ফকৰা-যোজনাবোৰ এতিয়ালৈ ব্যবহাৰৰ উপযোগী হৈ উঠা নাই | DTP কৰি হে আছো | ভুল থাকিব পাৰে | একসপ্তাহ পিছত সকলো ঠিক ঠাক কৰা হব

ফকৰা-যোজনা ভাষাৰ অমূল্য সম্পদ | আমাৰ ভাষাত বহুত ফকৰা যোজনা আছে | সেইবৰ সংগ্ৰহ কৰাৰ আৰু সহজে উপলব্ধ কৰাৰ এই প্ৰয়াস | প্ৰথমতে আমি স্কুলত পঢ়ি অহা কিতাপৰ পৰা তুলি দিয়া হল | উপদেশ এই ঠিকনাত দিব পাৰে

dhimanseal10@gmail.com

অতিপাত শলাগনি ফুচলনিৰ চিন |

আপুনি আঁতৰি যাবা কৰি তাক ঘিণ ||

অতি ভক্তি চোৰৰ লক্ষণ |

বিড়ালীৰ নিগনি ৰক্ষণ ||

অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ ||

অল্প অৰ্জ্জন, বিস্তৰ ভোজন |

সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ ||

অলপ আঘাতত নিদিয়ে ঔষধি |

বিস্তৰ হলে হয় হত বুদ্ধি ||

আইৰ ঘৰলৈ যাম দুই হাতে খাম |

বিধাতাই বোলে মইও পাছে পাছে যাম ||

আগতে কৃষ্ণক দেখি |

আৰু কি পাপ লেখি ||

আগ নুগুণি গুণ পাছ |

লোভত মৰে বৰশীৰ মাছ ||

আছে গৰু নাবায় হাল |

থকাতকৈ নথকাই ভাল ||

আপোন লগুণ পৰক দি |

বামুণ মৰে হুতাশন হৈ ||< p> আলচা কথা নহয় সিদ্ধি |

বটত আছে কণা বিধি ||

আপোন হাত জগন্নাথ |

লোকৰ হাত চুৱা পাত ||

ই কাণ সি কাণ সহশ্ৰ কাণ ||

ইয়াতেই সৰগ ইয়াতেই নৰক ||

উপকাৰীক অজগৰে খায় |

তোৰে মোৰে গতি নাই ||

উলটি চোৰে গিৰিক বান্ধে

চাৰি পোণ গিৰিকেই সাধে

৩. উলুৰ লগত বগৰী পোৰা যায়

ঊনা ভাতে দুনা বল,

অধিক ভাতে ৰসাতল

১. এক বৰাই ধান খায়

এক বৰাই হান খায়

২. এদাক দেখি উঠিল গা

কেতুৰীয়ে বোলে মোকো খা

৩. এনেয়ে মৰো ঋষিৰ শাপত

তাতে দিয়ে ধানৰ ভাপত

৪. এনেই মৰিছো দগ্ধ হৈ

তাতে আকৌ ধান খেৰৰ জুই

৫. এলেহুৱা যেতিয়া শুৱলৈ যায়

তুমি তেতিয়া ৰুবলৈ যাবা

১. ওপৰত মাততাৰ বাটত ঘৰ

আহোতে লাঠি যাওঁতে চৰ

২. ওচৰৰ বামুণ সুৰী সুৰী

১. কথাত কটা যায়

কথাত বটা পায়

২. কঠীয়াহে চুটি, জেঠতে পৰা

৩. কথাত কথা বাঢ়ে, মাথত বাঢ়ে ঘিউ

৪. কৰিব নোৱাৰাৰ বৰ কথা,

খাব নোৱাৰাৰ বৰ হাথা

৫. কাকো দেখি ৰান্ধে বাঢ়ে,

কাকো দেখি দুৱাৰ বান্ধে

৬. কুটৰ ঘৰৰ কুটী,

লোকলৈ বুলি হুল পুটি,

আপোনি মৰে ফুটি

১.খং নামে চাণ্ডাল

২. খাব জানিলে চাউলে চিৰা,

বহিব জানিলে মাটিয়েই পীৰা

৩. খাই কৰ্শালা গছত উঠিল,

কাঠী চেলেকাৰ মৰণ মিলিল

৪. থোৰাৰ ঠেংহে খালত পৰে

১. গড়গাঁৱৰ মিতিৰৰ ভাও,

মুখেৰে কৰে থাক থাক

ভৰিৰে হেঁছুকে নাও

২. গৰুৰ আগত টোকাৰী বায়,

শিং জোকাৰি ঘাঁহ খায়

৩. গছত কঁঠাল ওঠত তেল,

নৌখাওতই চেল বেল

৪. গধুলিতে সাত হাল বায়,

পুৱা হলে এহালো নাই

৫. গুৰুতকৈ শিচ্ সিয়ান

খুঁচৰি খুঁচৰি লয় গিয়ান

১. ঘনাই খুটিলে শিঙৰাও মাছ

২. ঘঁহি থাকিলে শিলো ক্ষয় যায়

জাগি থাকিলে চোৰৰ ভয় নাই

৩. ঘৰৰ বুঢ়া, জুহালৰ মূঢ়া

১. চহ চিকণ পৰৰ, পোৰ চিকণ ঘৰৰ |

২. চৰাইৰ বসন্ত কাল, ঘনে কাঢ়ে ৰাও |

মানুহৰ বসন্ত কাল, নাজানে বাপ-মাও ||

৩. চৰু চুৱা কৰা কুকুৰৰ টাঙনেই গতি

৪. চোৰকো পালে মোৰে, লোহাকো খালে মামৰে

১. ছলিয়ে পেলায় পানী, ডাঙৰে পৰে পিছলি

২. ছলিক নিদিবা লাই, কুকুৰক নিদিবা ঠাই

৩. ছলিৰ মেল কলৰ ভেল

১, জনাৰ ভাত-মাছ, নজনাৰ গলগ্ৰহ

২. জাপি, লাঠি, টনা, ইয়াক নহলে দিনতে কণা

৩. জিয়াত নিদিলি কিয়া পুঠি |

মৰিলে দিব শ্ৰী আঙঠি ||

৪. জুহালত গঢ়িলেহে কামাৰ-শালত গঢ়িব পাৰি ||

৫. জোৰ যাৰ মুলুক তাৰ ||

১. টানত পৰিলেহে নাম লয়

২. টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি

১. ঠেকে য’ত শিকে ত’ত

২. ঠেলাৰ নাম বাবাজী

| , ||

ড.

১. ডলাৰ বগৰী যেনে

বগৰাৰ গতিও তেনে

২. ডাঙৰৰ হলে লীলা

সৰুৰ হলে ধৰি বান্ধি কিলা

১. ঢিলা পালে ঠিলা মাৰে

২. ঢেঁকীত মহে খালে

উৰালত ফৰফৰালে

কাতৰাক সাদিনলৈ জৰালে

১. তই দিছো খাল ছাই পাত

মোয় দিছোঁ উমানতে হাত

২. তেল তামোলে চিৰি (শ্ৰী)

ভাত কাপোৰে গিৰি

৩. তিৰী ধৰি গিৰি

তিৰী ধৰি হত-চিৰি

১. থলত থল-ৰজা

পোতাপুখুৰীত বাঁকেই ৰজা

২. থাকতে মাণিক-মুকুতা-সোণ

বিছাৰি ল’লেগৈ বোকাৰ লোণ

১. দহো আঙলিৰে খায়

বুঢ়াই হেঁচুকিলেহে যায়

২. দহোটাৰ লাঠী, এটাৰ বোজা

৩. দুই মহৰ যুঁজত বিৰিণাৰ মৰণ

দুষ্টৰ একাল সন্তৰ সৰ্বতিকাল

১. ধন কুবেৰৰ ধন

নিজেও নাখায় আনকো নিদিয়ে

চাই থাকিবৰে মন

২. ধন দিলে ধোবাই, মেখেলাকো কোবায়

৩. ধৰ্মত থাকন্ত হৰি নাচাৰন্ত সংগ

এতেকেসে পাণ্ডৱৰ নাহি ৰণ ভংগ

৪. ধন পুৰীয়াৰ কঁঠাল,

পাতৰ আৰত লুকাল

১. নকলেও নহয় ফটা মুখ

কলেও লাগে ভকতত দোষ

২. নল মৰি গঁজালি ওলায়

৩. নিন্দিলে ভুঞ্জিব লাগে

১. পৰত আশ বনত বাস

১পাপি লংকালৈ যায়

সাগৰ শুকায় মাণিক লুকায়

২. পৰৰ ওপৰত খায়

ভাইঠা নাওঁত যায়

৩. পৰৰ ওপৰত পায়

দুগৰাহা সৰহ কৈ খায়

৪. পৰৰ কথা নুশুনিবি

বাটট নাঙল নাচাঁচিবি

৫. পক্ষী মৰে ৰৈ, মানুহ মৰা কৈ

৬. পাপৰ ধন পাৰাচিতত যায়

৭. পাপীৰ পিঠাত মন

৮.পুৱালে লক্ষণ মৰে, খাতাৰ ছয় মাহ

১. ফটা হ’ক ছিটা হ’ক পাটৰ টঙালি

কণা হ’ক কুঁজা হ’ক ভূঞাৰ পোৱালী

ফুল বছা চ’ৰা ঘৰ

স্বৰগ দেখা বৰ ঘৰ

ফোপজহী ৰঙা পাণ

ধন নাইকীয়া শুদা চাং

১. বনৰ নাই কুটাগাছি,

খবলৈ চায় পাচি পাচি

বাপৰ ধনে যাৰ নাটে

পাপৰ ধনেৰ কত আটে

বান্দৰে কি বুজে নাৰিকলৰ মোল

বাহিৰে ৰং চং ভিতৰে কোনাভাতুৰী

বাৰীৰ ঘাঁহে গোহালিৰ গৰুৰ ৰাহি নাহে

বেপাৰ কৰিবা নাওৰ

খেতি কৰিবা বাওৰ

১. ভক্তিৰ ভাল এক ছিট

সোধৰ ভাল মাট্-মিট্

ভয়ত ভগৱন্ত পলায়

কিললৈ বাসুদেউ ডৰায়

ভাতৰ তিতা খাৱ পাৰি

মাতৰ তিতা সহিব নোৱাৰি

ভালৰ ভাল সৰ্বতিকাল

বেয়াৰ ভাল ক’তো নাই

ভালে পায় ভালক

জাৱৰে পায় খালক

মনক বান্ধিবা, মনক চাটিবা

মনক লিদিবা লাই

দুৰ্জয় মনক দমাব নোৱাৰি

যেন গজমূৰী গাই

মহন্তৰ চিন মাহনিত

বুঢ়াৰ চিন ঘঁহনিত

মাউথে উটিলে গুড়ি-পৰুৱাৰ মৰণ নাই মাকতকৈ জীয়েক কাজী

ঢ়েঁকি-থোৰাৰে বাটে পাঁজি

যম-পুৰী নিদান ঠাই

অ’ত দিলেহে ত’ত পায়

যাক সেৱা কৰা তাক নুবুলিবা গোধা

যাৰ লোণ খাবা তাক নুবুলিবা শুদা

যাৰ নাই গৰু

সি সবাতকৈ সৰু

যাৰ যহত শাঁখা সেন্দুৰ

তাক পতা ভোকোৰা এন্দুৰ

যি কৰে পৰত

তাৰ মিলে ঘৰত

যোৰো যোৰ পাভো জোৰ

তোয়ো হাড়ীত খাইতী

মোয়ো গৰু চোৰ

ৰাইজে নখ জোকাৰিলে নৈ বয়

ৰামে মাৰিলেও মৰা

ৰাৱনে মাৰিলেও মৰা

ৰূপেনো কি কাম কে

গুণেহে সংসাৰ তৰে

ৰৌ-বৰালীৰ আশা নাই

দৰিকণালৈ বৰশী বায়

লাজত নবয় ভাৰ

বোকোচাত ভাঙে কামি-হাড়

লুইতেহে জানে বঠা কিমানলৈ বহে

লোকত আশ বনত বাস

লুকাই খায় শুকাই যায়

শাকে-শোকতাই ভোক্ষণ

সু-পুৰুষৰ লক্ষণ

শাকৰ নাখায় লোন

পিটিকাত যায় তিনি গুণ

শিল চিকুটিতলে নখতহে দুখ পায়

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে

শুনা কথাত নিদিবা কাণ

দেথিলেও লবা তিনিটা প্ৰমাণ

ষাঠি বছৰত বলে আই

তাৰ সমান ভাগ্য নাই

সন্তৰ সৰ্বতি কাল

দুষ্টৰ একাল

সকলো চৰাইয়ে মাছ খায়

মাছ-ৰোকাৰ নাম

সাঁতৰ সাঁতৰ, বাউসীৰ বলত

সাঁতুৰিব নাজানিলে যাবি ৰসা তলত

সাপ হৈ খুঁটে

বৈদ্য হৈ জাৰে

সাতো ভাইৰ মূৰ পকা

কাকো কাৱে নোবলে ককা

হ’ব ছলি বুলিব বাপ

তেহে গুছিব মনৰ তাপ

হাউছৰ বিদ্যা, কৃপণৰ ধণ

হস্তীৰো পিছলে পাৱ

সজ্জনৰো বুৰে নাও

হাতৰ নিব, কাণৰ নাব

দহোটা আঙুলি কোনে নিব

হাতত নাই কণটো

বৰ-সবাহলৈ যাবৰ মনটো

হাতীয়ে খায় যিমান

লাদেও সিমান

জজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজ




অতি দৰ্পে হত লঙ্কা

অভাৱেই আৱিস্কাৰৰ মূল

অধিক ৰান্ধনীত ভোজন নষ্ট

অতিভক্তি চোৰৰ লক্ষণ

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

অতি লোভ যাৰ হতচিৰী তাৰ

অন্ধ দেশত কণাই ৰজা

অপমানতকৈ মৃত্যুয়েই শ্ৰেয়

অল্পবিদ্যা ভয়ঙ্কৰী

অলপ কথা জ্ঞানীৰ লক্ষণ

অসৎ সংগতকৈ নিসংগ হোৱাই ভাল

অপাত্ৰত দান দি লাভ নাই

অন্তৰত সকলো মানুহেই কবি

অনুশোচনা অতি পলমকৈ আহে

অধিক মাছত বগলী কণা

অকাটন দাৰ টিহ্-টিহিয়া নাহী

অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে থাকে

অন্নচিন্তা চমৎকাৰ

অজ্ঞতাৰ সন্তান ওজৰ আপত্তি

অজ্ঞতাই পৰিৱৰ্তনলৈ ভয় কৰে

কৰ্তব্যই অধিকাৰ আনে

অসন্তুষ্ট ব্যক্তি ধনী হব নোৱাৰে

অল্পতুষ্টই আটাইতকৈ সুখী

অল্পতুষ্ট যি ভহুখিনি পায় সি

অন্ধক বাটৰ কখা সুধি লাভ নাই

অতিত কেতিয়াও ঘুৰি নাহে

অধ্যাৱসায়ীৰ জয় সুনিশ্চিত

অসন্তুষ্টি আত্মবিশ্বাসৰ অভাৱৰ ফলশ্ৰুতি

অন্ধই অন্ধৰ পথপ্ৰদৰ্শক হলে দুয়োটাই পৰিব খালত

অজ্ঞতা ঈশ্বৰৰ অভিশাপ স্বৰূপ

অন্ধবিশ্বাসী মানুহ প্ৰাণহীন শৰীৰৰ তুল্য

অভিযুক্ত হোৱাৰ আগতে ক্ষমা ভিক্ষা নকৰিবা

অসন্তুষ্টই প্ৰকৃত দৰিদ্ৰ

অপেক্ষাকৃত জনে সকলো বস্তুকে পায়

অপব্যয় নকৰিলে অভাৱত নপৰে

অকৃতজ্ঞতকৈ বেয়া মানুহ নাই

অযুক্তিকৰ কথা ক্ষণস্থায়ী

অসাধাৰণ প্ৰতিভা বলিয়ালি সদৃশ

অলসতা মূৰ্থৰ বন্ধু

মূৰ্খৰ বন্ধু হল অলসতা

অজ্ঞতাই কেতিয়াও সমস্যাৰ সমাধান নকৰে

অন্তৰৰ আনন্দই বদন প্ৰফুল্ল কৰে

অন্যায়ৰ শান্তিতকৈ যুদ্ধ শ্ৰেষ্ঠ

অস্ত্ৰ শস্ত্ৰৰ মাজত আইন বোবা

অৰ্থই অনৰ্থৰ মূল

অতীতৰ ওপৰত ভগৱানৰ ক্ষমতা নাই

অন্ধবিশ্বাসে গটেই বিশ্বক ৰাখে অগ্নিশিখাৰ ওপৰত, দৰ্শনেহে কৰে উপশম

অসতে সকলোকে অসত যেনেই দেখে

অহংকাৰীৰ পতন অনিবাৰ্য্য

অনুধাবনেই অভ্যাস হয়

অতীত মৰহি যায়, সুগন্ধহে মাত্ৰ ৰয়

অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন

অহংকাৰ আগে আগে, লজ্জা পিছে পিছে যায়

অল্প অৰ্জ্জন বিস্তৰ ভজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ

অসুৰৰ ঘৰতহে অসুৰ জন্মে

অৱস্থা লৈ ব্যবস্থা

অভগীয়াই যতে যায় হুলে বিন্ধে বৰলে খায়

আয় চাই ব্যয়

আতুৰত নিয়ম নাস্তি

আপোন ভালেই জগৎ ভাল

আধা জনাতকৈ নজনাই শ্ৰেয়

আশাত থকাজন ভোকত মৰে

আদৰত লৰা নষ্ট

আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়

আনক জয় কৰাজন বলী, নিজক জয় কৰাজন শক্তিশালী

আজিৰ লৰা-জোৱালী কাইলৈৰ নাগৰিক

আলস্যই অপকৰ্মৰ মূল

আকাশত চাং পাতিবলৈ পৰিকল্পনা নকৰিবা

আনন্দই সৌন্দৰ্য্যৰ আচল প্ৰসাধন

আশাময় সংসাৰ

আনন্দহীন অন্তৰ অতি দুখীয়া

আৱশ্যকতাত অতি তুচ্ছ বস্তুও মহামূল্যবান হয়

আভৰণ সলনিৰে স্বভাৱ সলনি অসম্ভৱ

আইন ৰচোতাই বেচি আইন ভাঙে

আশা দুখীয়াৰ খাদ্য

আলস্য ভিক্ষাবৃত্তিৰ চাবিকাঠি

আঠুৱা ছাই ঠেং মেলিবা

আমি কি হৈছো জানো, কি হম নাজানো

আইনৰ হাত দীঘল

আত্মাক নহয়, শৰীৰকহে বস্তুৰ প্ৰয়োজন

আত্মবিশ্বাস উন্নতিৰ ছাবিকাঠি

আশা মানৱ আন্তৰৰ শ্বাশত নিজৰা

আগতে প্ৰমাণ, পাচতহে বিশ্বাস

আটাইতকৈ পকা ফলটো আগত সৰে,

বৰগছ ডাল আগত পৰে

আনন্দিতৰ বন্ধু অনেক

আদৰ্শবাদে আনক উন্নতিত সহায় কৰে

আনন্দ প্ৰকৃত শ্ৰেষ্ঠ ঔষধ

আনন্দ কৰিব নোৱাৰাজন চিৰ দুখীয়া

আইন অনন্ত খাল সদৃশ

আইন মকৰা জাল সদৃশ

আৱেগ শূন্য নহোৱালৈকে আমি দেৱতা সদৃশ হব নোৱাৰো

আনে শুই থকাৰ সময়ত তুমি গভীৰলৈ চহাবা

আছে ব্ৰাহ্মণ, নাই নৱগুণ

আনন্দ আৰু নিৰানন্দ এটা পইচাৰ ইপিঠি সিপিঠি

আইনত থাকিলে এজনেই সংখ্যাগৰিষ্ঠ

আশাই পৰম সুখ, নিৰাশাই পৰম দুখ

আমেই বান কঠালেই ধান

..............……………………………………………………………

ইচ্ছা থাকিলে উপায় ওলায়

ইচ্ছাশক্তিসম্পন্ন ব্যক্তিয়েহে জ্ঞানী হয়

ইচ্ছাই দুখৰ কাৰণ

ইচ্ছা কৰিলেও সকলো হব নোৱাৰি

ইচ্ছা আৰু চেষ্টাত মহৎ কামো সিজে

ইফালে জেং সিফালে যাঁঠি

ইংলেণ্ড সংসদৰ মাতৃ

ঈশ্বৰে যি কৰে মঙ্গলে কৰে

ঈশ্বৰৰ সহায় যাৰ কিহৰ ভয় তাৰ

ঈশ্বৰ সৰ্বত্ৰ বিদ্যমান

ঈশ্বৰ কৰুণাময়

ঈশ্বৰে সিজনকহে সহায় কৰে যি আনক সহায় কৰে

ঈশ্বৰে ৰাখে যাক, হাতি ঘোঁৰা নালাগে তাক

ঈশ্বৰ সৰ্বশক্তিমান

ঈৰ্ষাৰ গুলি উফৰি আহি নিজৰ গাত লাগে

উপদেশতকৈ আৰ্হি ভাল

উপদেশ কোনেও ভাল নাপায়

উমৈহতীয়া শৱ বাহী হয়

উন্মক্ত জনতাৰ মূৰ বহুত, মগজু নাই

উন্মক্ত বাকচে চোৰক প্ৰলোভিত কৰে

উন্নতিয়ে বন্ধু আনে বিপৰ্যয়ত পৰিচয় পায়

বিপদত বন্ধুৰ চিন

উঠাতকৈ নামা সহজ

উপকাৰিক অপকাৰ নকৰিবা

উপকাৰিক আজগৰে খায়

উঠিবলৈ নিদিয়া ঘোঁৰাতকৈ উঠিবলৈ দিয়া গাধই ভাল

ঋণৰ শেষ, শত্ৰুৰ শেষ আৰু জুইৰ শেষ ৰাখি নথবা

ঋণও নহবা ঋণদাঁতাও নহবা

ঋণ মুক্ত মানে বিপদমুক্ত

ঋণীৰ অভাৱ আৰু তিৰোতাৰ অভাৱ পুৰাব নোবাৰি

ঋণ লওঁতাতকৈ ঋণদাঁতাৰ স্মৃতি প্ৰখৰ

ঋণহীন দুখীয়া লোকজন ৰাজকুমাৰতকৈ শ্ৰেষ্ঠ

এক বুঢ়ীৰ দুই কাম, ধান বান্ধে চুহে আম

এপাত তালে নাবাজে

এপাচি শাকত এটা জালুক

এক বৰাই ধান খায়, এক বৰাই হান খায়

এৰা ধৰা উত্তম উপায়

একমাত্ৰ কৰ্মইহে দুখ হৰে

একোৱেই নজনাজনৰ কালৈ ভয়

এজন দেখা সাক্ষী, দহজন শুনা সাক্ষীতকৈ শ্ৰেষ্ঠ

ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে

ওখ গছত আগেই বতাহ লাগে

ওঠৰ গোলাপীয়া ৰঙে ভোক নাঁতৰায়

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে

কোনোৱে মৰে হাড়ে ছালে, কোনোৱে মৰে মঙহৰ ভৰে

কথাত কথা বাঢ়ে

কবলৈ সহজ কৰিবলৈ টান

কণা ঘৈনী কলা পৈ, তাহাঁততকৈ সুখী নাই

কৃতকাৰ্য্যতাই মূৰ্খকো জ্ঞানী দেখায়

কম কথা কম লেঠা

কলম তৰোৱালতকৈ শক্তশালী

কিনা হাঁহৰ ঠোটলৈ মঙহ

কথাত কটা যায়

কথাত বঁটা পায়

কেৱল অধ্যাৱসায়েহে কৃতকাৰ্য্যতাৰ বাট দেখুৱায়

কুৎচিৎ মনতকৈ কুৎচিৎ মুখেই শ্ৰেয়

কিতাপ নথকা ঘৰ খিৰিকী নথকা কোঠা সদৃশ

কোনোক দেখি ৰান্ধে বাঢ়ে, কোনোক দেখি দুৱাৰ মাৰে

কাপুৰুষালি সদৃশ ডাঙৰ পাপ নাই

কৃপণক সন্তুষ্ট কৰিব নোৱাৰি

কিনকিনিয়া বৰষুণে থল নষ্ট কৰে

কপাল উঠন বুকু খাল সেই পুৰুষৰ লক্ষণ ভাল

কলা কুকুৰাইও বগা কণী পাৰে

কাৰ্য্য জ্ঞানৰ উপযুক্ত ফল

কাৰ্য্যই কথাতকৈ ডাঙৰকৈ কয়

কুসংস্কাৰ দুৰ্বল মনৰ ধৰ্ম

কথা ৰূপোৱালী, মৌনতা সোণোৱালী

কালে সকলোকে গ্ৰাস কৰে

কান্দোনত ধাৰ নুসুজে

কটাৰ আগত তিনিবাৰ জুখিবা

কেতুই পালে হেৰায় হেতু

খং নামে চণ্ডাল

খাদ্য, নীৰৱতা আৰু আনন্দ সৰ্বত্তম ঔষধ

খাল খান্দি কুম্ভীৰ নামাতিবা

গতস্য শোচনা নাস্তি

গছ নথকা দেশত এৰাই বৃক্ষ

গৰ্জ্জি খকা মেঘে বৰষুণ নিদিয়ে

গাখীৰেৰে ধুলেও এঙাৰ বগা নহয়

গাখীৰ খুৱাই সাপ পোহা

গোলাম হোৱাতকৈ নেখাই মৰাই শ্ৰেয়

গিৰিহঁতৰ অবৰ্তমানত চাকৰক চিনিব পাৰি

গুণেই জীৱনৰ সৌন্দৰ্য্য

গুণেহে সংসাৰ তৰে

গৰুৰ আগত টোকাৰী বায়, শিং জোকাৰি ঘাঁহ খায়

গৰুও মৰিল পকো সৰিল

গোৰ মাৰি গংগাত পেলোৱা

গছত কঁঠাল ওঠত তেল নৌখাওতই চেল বেল

নিজে আয়নাৰ ঘৰত থাকি আনৰ ঘৰত শিল নামাৰিবা

ধনী বুলি ভাবি ধোৱাখলীয়া দুখীয়া হয়

ধান কাটি অনাৰ পিছত নৰাৰ লগত সম্পৰ্ক কি

চালাকিয়ে এটা চকুৰে তেল আৰু আনটো চকুৰে পানী বিকে

মাহ বছৰেৰে নহয়, চিন্তা আৰু কৰ্মৰ দ্বাৰা মানুহক জুখিব পাৰি

সেৱাই শ্ৰেষ্ঠ প্ৰাৰ্থনা

বগাব গৈ পৰাতকৈ স্থিৰ হৈ থকাই ভাল

বিপদত বন্ধুৰ পৰিচয়

দুৰ্ভগীয়াই যকে যায় সাগৰ শুকায় মানিক লুকায়