Bhimbar Deori Assamese Politician

ভীমবৰ দেউৰী একালৰ শক্তিশালী তথা তৰুণ অসমীয়া নেতাসকলৰ অন্যত্বম আছিল ভীমবৰ দেউৰ॥ যিসকল জনজাতীয় অসমীয়া নেতা আছিল, সেইসকলৰ অন্যত্বম ভাস্কৰ নেতা আছিল ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, যাদৱ চন্দ্ৰ খাখলাৰী, খৰচিং তেৰাং আদি ॥ স্বাধীনতাৰ প্ৰাগ ক্ষণত অসমখনক আৰু অসমীয়া জাতিটোক ৰক্ষা কৰিবলৈ এই নেতা সকলে যত পৰোনাস্তি চেষ্টা চলাইছিল ॥ ভীমবৰ দেউৰীয়ে কৈছিল, – অসম দেশ বৃটিচ সকল অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল আৰ আগৰে পৰা স্বাধীন দেশ আছিল ॥ এতিয়া পূৰ্ৱবংগৰ জমিদাৰী প্ৰথাৰ দ্বাৰা নিস্পেষিত কৃষক সকলোক মাটি দিয়াৰ অজুহাতত অসম পাকিস্থান হব নোৱাৰে॥ মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে ১৭ বাৰ আক্ৰমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে॥ অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়॥ অসমখন ট্ৰাইবেলৰহে ॥ গতিকে অসম কাৰ লগত থাকিব তাৰ সিদ্ধান্ত লব অসমবাসীয়ে॥ ১৯৩৮ চনত কামৰুপ জিলা ট্ৰাইবেল সংঘৰ প্ৰথম অধিবেষনৰ উদাত্ত ভাষনত কৈছিল, - আমি আমাৰ দুখ-দুৰবস্থাৰ কথা কওঁতে আৰু আমাৰ দাবী বিলাক ডাঙি ধৰোতে এইটো কথা পাহৰি যাব নালাগিব যে আমি অসমীয়া জাতিৰ অংশ॥ সমুহ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থ ভাল হলে আমাৰ অৱস্থাও ভাল হবলৈ বাধ্য॥ আমাৰ উদ্দেশ হব লাগিব আমাৰ অসমীয়া জাতীয়তাৰ বলীয়ান কৰি তোলা॥ (সৌৰভ কুমাৰ দেউৰীঃ অসমীয়া প্ৰতিদিন, বুধবাৰ, ৩০ নৱেম্বৰ, ২০২২ পৃ.৪.) ১৯৮৬ চনত গোপিনাথ বৰদলৈ মন্ত্ৰীসভাত বন আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল॥ এই জনা অসমপ্ৰেমাৰ মাত্ৰ ৪৪ বছৰ বয়সত ১৯৪৭ চনৰ ৩ নৱেম্বৰত মৃত্যু হৈছিল॥